ৰুছ আক্রমণৰ বাবে ইতিমধ্যে লক্ষাধিক ইউক্রেনীয়ানে ইউক্রেন ত্যাগ কৰিছে । এইবাৰ শৰণার্থী ‘স্পেচিয়েল’ ট্রেইনতো আক্ৰমণ কৰিলে ৰুছ সেনাই । বিস্ফোৰণত এজন ট্রেইন কণ্ডাক্টৰৰ মৃত্যু হয় । বহু লোক আহতও হৈছে । এই দাবী কৰিছে কিভেশৰ এটা সংবাদমাধ্যমে ।
তথ্য অনুসৰি, দোনেৎস্ক অ’বলাষ্টত এটা শৰণার্থী ট্রেইনত শ্বার্পনেল (ক্ষেপণাস্ত্র) আক্ৰমণ কৰিছে ৰুছ সেনাই । ষ্টেচনৰ পৰা নতি দূৰতেই এই আক্ৰমণত মৃত্যু হয় এজন ৰেল কর্মচাৰী । বহু লোক আহত হয় । ইউক্রেইনৰ অভিযোগ, এইবাৰ সাধাৰণ নাগৰিকৰ ওপৰত আক্রমণ কৰিছে পুটিন সেনাই । ইখনৰ পাছত সিখন হাস্পাতাল, প্রশাসনিক কার্যালয়, স্কুল, বৃহৎ আবাসৰ ওপৰতো বোমা-বর্ষণ কৰা হৈছে । পথত প্রাণ হেৰুৱাইছে বহু সাধাৰণ লোকে । কিছুদিন আগতে এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘত এটা বিবৃতিও দিয়ে । তেনে সময়তে এই ট্রেইনত আক্ৰমণৰ ঘটনা ঘটিল । ইয়াৰ উপৰি লবিবত ইউক্রেইন সেনা ছাউনিত ৰুছ সেনাৰ আক্রমণত ৫৭ জনৰ মৃত্যু হৈছে ।
আনহাতে, মাৰিঅ’প’লৰ পাছত নিপ্রৰুদনয়ত চহৰৰ মেয়ৰক অপহৰণৰ অভিযোগ উঠিছে । ইউক্রেইন প্রশাসনৰ অভিযোগ, এতিয়া নাগৰিকসকলৰ ওপৰত সন্ত্রাস চলাইছে ৰাছিয়াই । তেওঁলোকৰ কৌশলেই হ’ল এনেদৰে ইউক্রেইন প্রশাসনক একচেটিয়া কৰা ।
বেলাৰুশ চহৰৰ মেয়ৰে জনাইছে, ট্রাকভর্তি মৃত ৰুছ সেনাৰ দেহ আনি গোটোৱা হৈছে বেলাৰুশত । তাৰ মর্গৰ পৰা ট্রেইন আৰু বিমানত সেনাৰ দেহ পঠোৱা হৈছে ৰাছিয়াত ।