নদীত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি হোৱা ঘটনাক কেন্দ্ৰ কৰি ছেদামাৰীত তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ

WhatsApp Image 2022 03 14 at 8.53.00 PM 1

চিৰাং আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৰ ৮১৪ নং ছেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ মেধাৱী ছাত্ৰ ভৱেন মুৰ্মুৰ কালি চম্পাৱতী নদীত গা ধুবলৈ গৈ মৃত্যু হয় । সূত্ৰ অনুসৰি, গাঁওখনৰে লক্ষীৰাম হাসদা নামৰ লোক এজনে স্কুলখনৰ একাংশ ছাত্ৰ-ছাত্রীক চম্পাৱতী নদীত গা ধুৱাবলৈ লৈ গৈছিল । হঠাৎ নদীখনৰ গভীৰ পানীত পৰি যোৱাৰ ফলত কৰুণ মৃত্যুক সাবতি লয় ছাত্ৰজনে ।

কিন্তু এই ঘটনাক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালৰ লগতে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ অভিযোগ দীৰ্ঘদিনৰ পৰাই প্ৰধান শিক্ষকৰ নেতৃত্বত লক্ষীৰাম হাসদাই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে বিভিন্ন কাম কাজত ব্যৱহাৰ কৰি আহিছে । তেনেদৰে কালিও অভিভাৱকক নজনোৱাকৈ চম্পাৱতী নদীত গা ধুৱাবলৈ লৈ গৈছিল লক্ষীৰাম হাসদাই যাৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় ছাত্ৰজনে । ৰাইজে উক্ত ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়।

ইপিনে, ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছেদামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত দাসে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে দেওবাৰ আছিল যদিও তেওঁ বিদ্যালয়ত কিছু ছাত্ৰক পাঠদান কৰাইছিল নৱোদয় পৰীক্ষাৰ কিতাপৰ ওপৰত আৰু পাঠদান কৰোৱাৰ পাছত তেওঁ ছাত্ৰসকলক ছুটী দিছিল তাৰ পাছত প্ৰধান শিক্ষকজন এঠাইলৈ বুলি ওলাই গৈছিল । ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষকজনে আৰু জানিব দিয়ে যে যিজন ছাত্ৰৰ মৃত্যু হৈছে সেইজন ল’ৰাই যোৱা শণিবাৰ দিনাও একেই ঠাইত গা ধুবলৈ গৈ শিলৰ চেপাত সোমাইছিল যদিও একো অঘটন ঘটা নাছিল ।

প্ৰধান শিক্ষকজনে লগতে আৰু কয় যে ছাত্ৰসকলৰ লগত লক্ষীৰাম হাসদা নামৰে গাঁওখনৰ ব্যক্তি ঘটনাস্থলীত উপস্থিত আছিল ঘটনাটো ঘটি যোৱা পাছত তেঁৱেই ফোনযোগে প্ৰধান শিক্ষকজনক জনাইছিল ।

ইপিনে, ঘটনাস্থলীত উপস্থিত থকা লক্ষীৰাম হাসদায়েও সাংবাদিকৰ সাক্ষাৎকাৰত জানিব দিয়ে যে নদীত গা ধুবলৈ যোৱা সময়ত তেওঁ গৈ নৌপাওঁ‌তেই ছাত্ৰকেইজন গৈছিল আৰু সিহঁত নদীত নামি গৈ লাহে লাহে পানীৰ দ সোঁ‌তৰ ফালে গৈছিল ফলত ভৱেন মুৰ্মু পানীৰ তলত সোমাই পৰি মৃত্যু মুখত পৰে । ঘটনাস্থলীত বিদ্যালয়ৰ প্ৰধান শিক্ষকজন উপস্থিত নাছিল আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰাও অনুমতি লৈ তেওঁলোকে নদীত যোৱা নাছিল বুলিও জনায় লক্ষীৰাম হাসদাই ।

Exit mobile version