২০২০ৰ ফেব্ৰুৱাৰীত দিল্লী সংঘৰ্ষৰ বৃহত্তৰ ষড়যন্ত্ৰ সংক্ৰান্ত গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন কংগ্ৰেছ পাৰিষদ ইশৰত জাহানক দিল্লীৰ এখন আদালতে জামিন দিছে ।
অতিৰিক্ত দায়ৰা ন্যায়াধীশ অমিতাভ ৰাৱতে আদেশ দিয়ে । ২০২০ৰ ফেব্ৰুৱাৰীৰ সংঘৰ্ষৰ ‘মাষ্টাৰমাইণ্ড’ হোৱাৰ বাবে জাহানসহ আন কে’বাজনক সন্ত্ৰাস বিৰোধী আইন – বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) অধীনত গোচৰ ৰুজু কৰা হয় । এই সংঘৰ্ষত ৫৩ জন নিহত আৰু সাতশজনৰো অধিক লোক আহত হয় ।
পূৰ্বে জাহানক ২০২০ৰ জুনত বিয়াৰ বাবে ১০ দিনৰ অন্তৰ্বৰ্তীকালীন জামিন দিয়া হৈছিল আৰু প্ৰমাণত হস্তক্ষেপ বা সাক্ষীসকলক প্ৰভাৱিত নকৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছিল ।
নাগৰিকত্ব সংশোধনী আইন (চিএএ), ২০১৯ আৰু নেচনেল ৰেজিষ্টাৰ অৱ চিটিজেন (এনআৰচি)ৰ বিৰুদ্ধে বিক্ষোভ চলাকালীন হিংসাত্মক ঘটনাৰ সৃষ্টি হয় ।
জাহানৰ উপৰি, কৰ্মচাৰী খালিদ, উমৰ খালিদ, জেএনইউ-ৰ ছাত্ৰী নাটাশা নাৰৱাল আৰু দেৱাংগনা কলিতা, জামিয়া সমন্বয় কমিটীৰ সদস্যা সফুৰা জাৰ্গাৰ, প্ৰাক্তন এএপি পাৰিষদ তাহিৰ হুছেইনসহ আন কে’বাজনৰো বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ।