Russia Ukraine War : যুদ্ধ বিৰোধিতাত উত্তাল লেনিনৰ দেশ, গোপনে প্ৰচাৰ কৰা হৈছে সাংকেতিক ইস্তাহাৰ

1647337844 protest

যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইন আক্রমণ কৰে ৰাছিয়াই । আক্ৰমণ যে কৰিব সেয়া অৱশ্য কে’বাদিনৰ আগৰ পৰাই বুজিছিল ৰাছিয়াৰ জনসাধাৰণে । সেই অনুযায়ী যুদ্ধৰ বিৰোধিতা কৰি পথতো নামিছিল । কিন্তু ২৪ ফেব্রুৱাৰীৰ পাছত আমূল পৰিৱৰ্তন হ’ল পৰিস্থিতিৰ । বিৰোধিতা শব্দটো উচ্চাৰণ কৰিলেও কাৰাগাৰত ভৰোৱা হৈছে পুটিনৰ দেশত । এই পর্যন্ত প্রায় ১৫ হেজাৰ লোকক ৰুছ আগ্রাসনৰ বিৰোধিতাৰ ‘অপৰাধ’ত কাৰাগাৰত ভৰোৱা হৈছে । অৱশ্যে গ্রেপ্তাৰ কৰিও ৰোধ কৰিব পৰা নাই প্রতিবাদী কণ্ঠ । নিত্য নতুন পদ্ধতিত বৃদ্ধি পাইছে প্রতিবাদ । তাৰেই অন্যতম, ক’ডৰ মাধ্যমত প্রতিবাদৰ খবৰ বিয়পোৱা ।

নিতান্তই সাধাৰণ এটা ছবি । ছবিখনত বহু লোক আঁতৰি যোৱা দৃশ্য দেখা গৈছে । মাজৰ অংশত কেৱল সংখ্যাৰে লিখা আছে সাত । লগতে এখন মুখ । সেই ছবিটোত ভিন্ন চৰিত্ৰ দেখা যায় যদিও, প্ৰকৃত তথ্য সাত সংখ্যাটোতে আছে । প্রতিবাদীসকলে ক’ব বিচাৰিছে, সাত মার্চত প্রতিবাদ কাৰ্যসূচীৰ বাবে জনসমাগমৰ আহ্বান জনাই প’ষ্টাৰ দিছে । ছবিটোত খোজকঢ়াৰ অর্থ হ’ল, পদযাত্রাৰ আহ্বান । এনে হেজাৰ হেজাৰ ছবিৰ ইংগিতপূর্ণ প’ষ্টাৰত প্রতিবাদৰ আহ্বান ঘৰে ঘৰে বিলাই দিয়া হয় ।

২০১৪-ত ক্রাইমিয়া দখলৰ সময়তো প্রতিবাদত নিষেধাজ্ঞা জাৰি কৰে পুটিন চৰকাৰে । সেই সময়ত ক’ডৰ ব্যৱহাৰ কৰি প্রতিবাদত পথত নামিছিল ৰুছ জনসাধাৰণ । ২০২২-ৰ ২৪ ফেব্রুৱাৰীত ইউক্রেইনত ‘বিশেষ সামৰিক অভিযান’ আৰম্ভ কৰে ৰাছিয়াই । এইবাৰো সেই ক’ড ব্যৱহাৰ কৰিয়ে নিজৰ মাজত মতামত আদানপ্রদান কৰে আন্দোলনকাৰীসকলে । জনসমাগম ক’ত হ’ব, খবৰ দিয়া হৈছে নিমিষতে ।

এই ইংগিতপূর্ণ প’ষ্টাৰ দেখিয়ে নির্দিষ্ট স্থানত জনসমাগম হয় । সূত্র অনুসৰি, ৰাছিয়াৰ ৫৩খন চহৰত এই পর্যন্ত ১৪ হেজাৰৰো অধিক লোকে প্রতিবাদত অংশ লোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে । কিন্তু তৎস্বত্বেও দমন কৰিব পৰা নাই প্রতিবাদৰ জুই ।

ৰাছিয়াত বজাৰ চলিত সামাজিক মাধ্যম বন্ধ, ফলত সামান্য হ’লেও সমস্যাত পৰিছে আন্দোলনকাৰীসকল । যদিও প্রতিবাদত পথত নমাৰ পৰা কোনো প্ৰকাৰেই তেওঁলোকক অৱৰোধ কৰিব পৰা নাই ।

Exit mobile version