Russia-Ukraine war : লাইভ অনুষ্ঠানত যুদ্ধবিৰোধী প্লেকাৰ্ড দেখুৱাই ৰাছিয়াত গ্ৰেপ্তাৰ সংবাদ কৰ্মী

1647324222 russian tv

সোমবাৰে ৰাছিয়াৰ এটা টিভি চেনেলত সন্ধিয়াৰ বাতৰি পৰিৱেশন কৰি আছিল সঞ্চালকে । ঠিক সেই সময়তে প্লেকাৰ্ড হাতত লৈ সঞ্চালকগৰাকীৰ পিছফালে থিয় দি আছিল এগৰাকী মহিলা ।

প্লেকাৰ্ডখনত লিখা আছিল, “যুদ্ধ নহয়, যুদ্ধ বন্ধ কৰক । এওঁলোকৰ সম্প্ৰচাৰক বিশ্বাস নকৰিব । তেওঁলোকে ইয়াত আপোনালোকক মিছা কৈছে ।”

চেনেল কৰ্তৃপক্ষৰ দৃষ্টিত অহাৰ লগে লগে অনুষ্ঠানটো বন্ধ কৰি দিয়া হৈছিল । কিন্তু অনুষ্ঠানটো বন্ধ হোৱাৰ আগতেই মহিলাগৰাকীৰ কণ্ঠস্বৰত ‘যুদ্ধ বন্ধ কৰক’ বুলি কোৱা শুনা গৈছিল ।

মেৰিনা অ’ভচানিকোভা নামৰ মহিলাগৰাকী টিভি চেনেলৰ সম্পাদক হিচাপে কাম কৰি আছিল । ঘটনাটোৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে ।

ইয়াৰ আগতে এবাৰ, তেওঁ নিজৰ এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। ভিডিঅ’টোত তেওঁ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণক “অপৰাধ” বুলি বৰ্ণনা কৰিছিল ।

ভিডিঅ’টোত, তেওঁ লগতে কয় যে ক্ৰেমলিনৰ হৈ কাম কৰিবলৈ তেওঁ লাজ পাইছিল । “মই লজ্জিত যে মই নিজকে দূৰদৰ্শনৰ পৰ্দাত মিছা ক’বলৈ অনুমতি দিছো । লজ্জিত যে মই ৰাছিয়াৰ হাতত পুতলা হৈ পৰিছো ।”

ভিডিঅ’টোত তেওঁ ৰাছিয়াৰ লোকসকলক যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এটা বাৰ্তা প্ৰদান কৰে আৰু কয় যে কেৱল ৰাছিয়াৰ মানুহেহে এই ‘পাগলামী ‘বন্ধ কৰিব পাৰে ।

ঘটনাটোৰ পাছত, বহুলোকে মেৰিনা অ’ভচানিকোভাক তেওঁৰ ফেচবুক পৃষ্ঠাত ধন্যবাদ জনাইছিল । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়েও এটা ভিডিঅ’ বাৰ্তাত তেওঁক ধন্যবাদ জনাইছিল ।

মঙলবাৰে, কিয়েভ-ক্ৰেমলিন সংঘৰ্ষ ২০ দিনত প্ৰৱেশ কৰিছে । সংঘৰ্ষৰ আৰম্ভণিৰ পৰাই ক্ৰেমলিনৰ বিৰুদ্ধে ৰাছিয়াৰ সামাজিক মাধ্যম আৰু সংবাদ সংস্থাসমূহ ইচ্ছাকৃতভাৱে পৰিচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Exit mobile version