ইউক্ৰেইন আক্ৰমণৰ প্ৰভাৱ : ৰাছিয়াত বন্ধ ইনষ্টাগ্ৰাম

instagram russia 02

এটাৰ পাছত আন এটা আন্তৰ্জাতিক সংস্থাই সেৱা বন্ধ কৰিছে ৰাছিয়াত । এইবাৰ ৰাছিয়াত সেৱা বন্ধৰ কথা ঘোষণা কৰিলে ইনষ্টাগ্ৰামে । যোৱা সোমবাৰৰ পৰা ইনষ্টাগ্ৰামত ৰাছিয়াত সাময়িকভাৱে সেৱা বন্ধ ৰাখিছে ।

সামাজিক মাধ্যমত প্ৰতিষ্ঠানটোৰ এই এই সিদ্ধান্তৰ ফলত কমেও ৮০ নিযুত ৰুছ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী প্ৰভাৱিত হ’ব ।

উল্লেখ্য যে ইনষ্টাগ্ৰামৰ পূৰ্বে ইউক্ৰেইনৰ পূৰ্বে যুদ্ধত অৱতীৰ্ণ হোৱাৰ কাৰণত টিকটক, টুইটাৰসহ বিভিন্ন সামাজিক মাধ্যম প্ৰতিষ্ঠানসমূহে ৰাছিয়াত সেৱা বন্ধ কৰিলে । ফেচবুকেও ইতিমধ্যে ৰাছিয়াত সেৱা বন্ধ কৰিলে ।

Exit mobile version