কি আছে ২০২২-২৩ ৰ পূৰ্ণাংগ বাজেটত ?

FM Ajanta Neog to table state budget 2022 23 in Assam Legislative Assembly today

আজি অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট পাঠ কৰিছে।

★স্নাতক শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু পাঠ্যপুথি ক্ৰয়ৰ বাবে সাহায্য প্ৰদান কৰা হ’ব।

★স্নাতক মহাবিদ্যালয়, মেডিকেল কলেজ, পলিটেকনিক মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিমাহে হোষ্টেলৰ মাছুল ২০০০ টকালৈকে ৰেহাই।

★দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীৰে নামভৰ্তি মাচুল ৰেহাই।

★২০৯ খন উচ্চ মাধ্যমিক,উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে তিনি কোটিকৈ ধন বাজেটত ।

★পাঁচখন নতুন চিকিৎসা মহাবিদ্যালয়লৈ ৫০০ কোটিকৈ পুঁজি।

★১০খন জিলাত ষ্টেডিয়াম নিৰ্মাণ কৰিব চৰকাৰে ।প্ৰতিখনৰ বাবদ ব্যয় হ’ব ৫০কোটি টকা।

★উচ্চ মাধ্যমিকত প্ৰথম বিভাগ পোৱা সকলো ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটাৰ ।

★ৰাজ্যত স্থাপন কৰা হ’ব দুই হেজাৰ অংগনবাড়ী।

★তেজপুৰবাসীৰ বাবে ভাল খবৰ ! তেজপুৰ মিছন চাৰিয়ালিত নিৰ্মান কৰা হ’ব ফ্লাইঅভাৰ।

★ৰাজ্যত নিৰ্মান কৰা হ’ব ১২৫টা বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ । ধার্য কৰা হৈছে মুঠ ২০০কোটি টকা।

★ আভ্যন্তৰীণ জল পৰিবহন সেৱাৰ বাবে বাজেটত ৭৭০ কোটি ধার্য।

★অৰুনোদয়ৰ হিতাধিকাৰীৰ বাবে সুখবৰ ! বৃদ্ধি পাব অৰুনোদয় আঁচনিৰ ধনৰ পৰিমাণ ।

Exit mobile version