পুটিনক অকলে যুদ্ধত পৰাভূত কৰিব মাস্কে : হুংকাৰ টেছলাৰ মুৰব্বীৰ

elon musk l vladimir putin r

এই মুহূৰ্তত বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰনেতা তথা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক একক যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনালে বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি তথা টেছলাৰ মুৰব্বী এলন মাস্কে । সামাজিক মাধ্যমত টুইট কৰি এইদৰে পুটিনক একক যুদ্ধৰ বাবে আহ্বান জনালে বিশ্বৰ ধনাঢ্য ব্যক্তিজনে ।

ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুঁজখনত আৰম্ভণিৰে পৰা ইউক্ৰেইনৰ পক্ষত আছে মাস্ক । কালি টেছলা আৰু স্পেচ‌এক্সৰ মুখ্য কাৰ্যবাহী বিষয়া মাস্কে টুইটাৰত কয়, ‘পুটিনক একক যুদ্ধৰ বাবে আহ্বান জনালো । বাজি ৰখা হ’ব ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ভৱিষ্যৎ ।’

পুটিনৰ চৰকাৰী টুইটাৰতো টেগ কৰি মাস্কে পুনৰ প্ৰশ্ন কৰে, ‘পুটিন এই যুদ্ধৰ বাবে সাজু নে ?’ উল্লেখ্য যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে কিছুদিন পূৰ্বে মাস্কক ইউক্ৰেইন ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল ।

মাস্কেও উত্তৰ দি কৈছিল যে পৰিস্থিতি স্বাভাৱিক হ’লেই তেওঁ জেলনস্কিৰ আমন্ত্ৰণ ৰক্ষা কৰিব । স্মৰ্তব্য যে ইউক্ৰেইনত সম্প্ৰতি মাস্কৰ প্ৰতিষ্ঠান ষ্টাৰলিংকে ইণ্টাৰনেট সেৱা প্ৰদান কৰিছে ।

Exit mobile version