India COVID Bulletin : ক’ভিড আপডেট

1003633 covidtest ani

মঙলবাৰৰ তুলনাত দেশত সামান্য বৃদ্ধি পালে কৰ’না আক্রান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ভাৰতত দুহেজাৰ ৮৭৬ জন কৰ’নাত আক্রান্ত হৈছে । ইয়াৰ ফলত দেশত মুঠ চাৰি কোটি ২৯ লাখ ৯৮ হেজাৰ ৯৩৮ জন কৰ’না আক্রান্ত হয় । যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৯৮ জনৰ । বিগত ২৪ ঘণ্টাত দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা ১,১০৬ জন । ফলত দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা হ’ল ৩২ হেজাৰ ৮১১ জন ।

দৈনিক আক্ৰান্তৰ হাৰ ০.৩৮ শতাংশ । বিগত ২৪ ঘণ্টাত দেশত ৯৮ জনৰ মৃত্যু হৈছে । ইয়াৰে ৭২ জনৰ মৃত্যু হৈছে কেৰালাত । মন্ত্রণালয় সূত্রে খবৰ, এই ৭২ জনৰ ভিতৰত ৫৪ জনৰ আগতেই মৃত্যু হৈছিল, কিন্তু কোনো কাৰণত সেয়া নথিভুক্ত হোৱা নাছিল ।

বুধবাৰে পুৱাৰ পৰাই দেশত আৰম্ভ হৈছে ১২ৰ পৰা ১৪ বছৰ বয়সৰসকলৰ কৰ’না টিকা কর্বিভেক্স প্রদানৰ কাৰ্যসূচী । লগতে কোনো কো-মর্বিডিটি নোহোৱাকৈয়ে ৬০ ঊর্ধ্বসকলকো কৰ’নাৰ বুষ্টাৰ টিকা দিয়া আৰম্ভ হৈছে । প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইট কৰি, দেশবাসীক টিকা লোৱাৰ আহ্বান জনাইছে ।

Exit mobile version