আনাৰস ৰসৰ বিভিন্ন উপকাৰিতা

pineapple drink 500x500 1

★আনাৰসৰ ৰস খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।

★ আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।

★ আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেকটেৰিয়াজনিত ৰোগত উপকাৰী।

★আনাৰস, জায়ফল, তেঁতেলি, ক’লা নিমখ আৰু জিৰা সম পৰিমাণে লৈ পানীত মিহলাই খালে ডাযয়েবেটিছৰ সমস্যাত খুব উপকাৰী।

★জ্বৰতো আনাৰসৰৰ ৰস খোৱাটো খুব উপকাৰী।

★ বদহজমৰ ৰোগীক আনাৰসৰ ওপৰত জালুকৰ গুড়ি ছটিয়াই, অলপ নিমখযুক্ত কৰি খোৱা উচিত। তেতিয়াহ’লে উপকাৰ পোৱা যায়।

★ ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ৰস খোৱা খুব উপকাৰী।

★ আনাৰসে দেহৰ হাড়ক শক্তিশালী কৰিবলৈ আৰু দেহত শক্তি সৰবৰহ কৰিবলৈ কাম কৰে।

★ আনাৰসৰ ৰস দেহত ৰক্তৰ অভাবৰ বাবে খুব উপকাৰী

Exit mobile version