Covid New Variant : ক’ভিডৰ নতুন ৰূপৰ সন্ধান ইজৰায়েলত, সংক্রমণ বৃদ্ধিক লৈ উদ্বেগ চিকিৎসক মহলত

1625075570 covid

কৰ’নাৰ অ’মিক্রন ৰূপৰ লেখচিত্র কিছু নিম্নগামী হৈছিলহে মাত্ৰ সমগ্ৰ বিশ্বত, তেনে সময়তে পুনৰ কৰ’নাৰ নতুন ৰূপৰ সন্ধান পোৱা গ’ল ইজৰায়েলত । এই দাবী দেশখনৰ স্বাস্থ্য বিভাগৰ । বুধবাৰে ইজৰায়েলৰ স্বাস্থ্যমন্ত্রী নিজান হৰ’উইজে জনায়, কিছুদিন আগতে দেশৰ বা‌হিৰৰ পৰা ইজৰায়েলত আহিছে দুই যাত্রী । এই দুই যাত্রীৰ পৰীক্ষাৰ পাছত তেওঁলোকৰ শৰীৰত নতুন ক’ভিড ৰূপৰ সন্ধান পোৱা গৈছে বুলিও তেওঁ জনায় ।

ইজৰায়েলৰ স্বাস্থ্য বিভাগৰ ৰিপ’র্ট অনুযায়ী, ক’ভিডৰ এই নতুন ৰূপ অ’মিক্রন ৰূপৰ দুটা উপৰূপ বিএ-১ আৰু বিএ-২-ৰ মিশ্রিত এটা ৰূপ ।

ক’ভিডৰ এই নতুন ৰূপত কিছু উপসর্গ দেখা গৈছে বুলিও দাবী ইজৰায়েলৰ । মৃদু উপসর্গযুক্ত ৰোগীসকলৰ শৰীৰত মৃদু জ্বৰ, মূৰ আৰু পেশীত বিষৰ দৰে উপসর্গসমূহ দেখা গৈছে । অৱশ্যে কৰ’নাৰ এই নতুন ৰূপত আক্রান্তসকলে কোনো বিশেষ চিকিৎসা কৰাব নালাগিব বুলিও স্বাস্থ্য মন্ত্রণালয়ে জনাইছে । লগতে এই ৰূপ প্রাণঘাতী নহয় আৰু নতুন ঢৌৰ সৃষ্টি কৰিবলৈ সক্ষম নহয় বুলিও স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে । যদিও এই সন্দৰ্ভত আৰু গৱেষণাৰ প্রয়োজন বুলি মন্তব্য কৰিছে তেওঁলোকে ।

ইজৰায়েল স্বাস্থ্য মন্ত্রণালয়ৰ ডিৰেক্টৰ জেনেৰেল নাচমেন এশে জনাইছে, আক্রান্ত যাত্রীসকল বাহিৰৰ পৰা আহিলেও তেওঁলোকে ইজৰায়েলত আক্রান্ত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ।

ইজৰায়েলৰ প্রধানমন্ত্রী নাটালি বেনেটসহ বাকী স্বাস্থ্য বিষয়াসকলৰ স’তে আলোচনাত মিলিত হ’ব বুলিও জনাইছে ।

অৱশ্যে এই নতুন ৰূপৰ বিষয়ত এতিয়াও কোনো মন্তব্য কৰা নাই বিশ্ব স্বাস্থ্য সংস্থাই (হু) । লগতে বিগত এসপ্তাহত বিশ্বজুৰি প্রায় এক কোটি ১০ লাখ লোক ক’ভিডত আক্রান্ত হৈছে । ইয়াৰ ফলত পুনৰ উদ্বেগ বাঢ়িছে চিকিৎসক মহলত । বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা অ’মিক্রনৰ প্ৰকোপত বিধ্বস্ত হৈছিল বিশ্ব । যাৰ প্ৰভাৱ ভাৰততো পৰিছিল । সৰ্বাধিক ক্ষতিগ্রস্ত হয় আমেৰিকা ।

Exit mobile version