Harbhajan Singh : শচীনৰ পাছত ৰাজ্যসভাত এইবাৰ হৰভজন ? প্ৰাক্তন ক্রিকেটাৰক মনোনীত কৰিব তাৰে আপে

1647507670 harbhajan

ক্ৰিকেটক বিদায় জনালে হৰভজন সিঙে । এইবাৰ অন্য ৰূপত দেখা পাব হৰভজন সিঙক । সকলো ঠিকে থাকিলে আম আদমী পাৰ্টিৰ মনোনীত সদস্য হিচাপে ৰাজ্যসভালৈ গৈ যাব হৰভজন।

শচীন তেণ্ডুলকাৰৰ পথ অনুসৰণ কৰি গৈছে তেওঁ । অৱশ্যে চৰকাৰীভাৱে এতিয়ালৈকে আপ-ৰ তৰফৰ পৰা ঘোষণা কৰা হোৱা নাই।

আপ শেহতীয়াকৈ পঞ্জাৱত ক্ষমতালৈ আহিছে। বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে ভগৱন্ত মানৰে। তাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে।

আপে ৰাজ্যসভালৈ পাঁচজন সদস্য মনোনীত কৰিব পাৰে। তেওঁলোকৰ এজন হ’বলৈ গৈ আছে ভাৰতৰ প্ৰাক্তন স্পিনাৰ।হৰভজনৰ ঘনিষ্ঠ সূত্ৰই কয়,মুখ্যমন্ত্ৰীসহ শীৰ্ষ নেতৃত্বই হৰভজনক মনোনীত সদস্য হিচাপে ৰাজ্যসভালৈ পঠিয়াব বিচাৰে।

নতুন মুখ্যমন্ত্ৰীয়ে বিচাৰে যে হৰভজনৰ নেতৃত্বত ৰাজ্যখনত ক্ৰীড়াৰ মানদণ্ড উন্নত হ’ব। যোৱা কেইবছৰমানত, সেই গুণটো যথেষ্ট হ্ৰাস পাইছে।

তেওঁ লগতে কয়, ” জনসাধাৰণৰ বাবে আৰু বিশেষকৈ ক্ৰীড়াবিদসকলৰ লাভ আৰু উপকাৰৰ বাবে কাম কৰাৰ ইচ্ছা আছিল হৰভজনৰ। যদি সুযোগ আহে, তেন্তে তেওঁ সেই দায়িত্ব ল’বলৈ সাজু। “

এইটো লক্ষণীয় যে পঞ্জাৱৰ নিৰ্বাচনৰ আগতে হৰভজনে বিজেপিত যোগদান কৰিব পাৰে বুলি এটা উৰা বাতৰি প্ৰচাৰ হৈছিল । এজন বিজেপি নেতাইও এই অনুমানক উদগনি দিছিল। পাছত, হৰভজনক পুনৰ পঞ্জাৱ কংগ্ৰেছনেতা নৱজ্যোত সিং সিদ্ধুৰ স’তে দেখা যায়।

Exit mobile version