পুৰণি পেঞ্চন আঁচনিলৈ ৬০ জন সাংসদৰ সমৰ্থন

সদনত কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি নতুন পেঞ্চন নীতি প্রত্যাহাৰ কৰা আৰু পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱর্তনৰ সন্দৰ্ভত কোনাে প্রস্তাৱ চৰকাৰৰ বিবেচনাধীন অৱস্থাত নাই।

pension plan

দেশজুৰি চৰকাৰী কৰ্মচাৰীসকলে নতুন পেঞ্চন নীতিৰ প্রত্যাহাৰ আৰু পুৰণি পেঞ্চন নীতি পুনৰ বাহালৰ দাবী উত্থাপন কৰি আহিছে।

ADVERTISEMENT

এইবাৰ পুৰণি পেঞ্চন নীতি পুনৰ বাহালৰ প্রতি সমর্থন ব্যক্ত কৰিলে দেশৰ ৬০ জন সাংসদে। ইণ্ডিয়ান পাব্লিক ছার্ভিচেছ এমপ্লয়িজ ফেডাৰেচন (আই পি এছ এম এফ)-এ দেশজুৰি পুৰণি পেঞ্চন আঁচনি পুনৰ বলবৎ কৰাৰ দাবীৰে অভিযান অব্যাহত ৰাখিছে।

আই পি এছ এম এফৰ এই দাবীৰ প্রতি সমর্থন ব্যক্ত কৰিলে লােকসভা আৰু ৰাজ্যসভাৰ ৬০ জন সাংসদে। অৱশ্যে সদনত কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি নতুন পেঞ্চন নীতি প্রত্যাহাৰ কৰা আৰু পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱর্তনৰ সন্দৰ্ভত কোনাে প্রস্তাৱ চৰকাৰৰ বিবেচনাধীন অৱস্থাত নাই।

Exit mobile version