যিশু খ্ৰীষ্টৰ প্রিয় শিষ্যাৰ অনাবৃত মূর্তিৰ নিলাম

নিলাম আৰম্ভ হব ১ কোটি ৬০ লক্ষ ডলাৰৰ পৰা । ভাৰতীয় মুদ্রাত প্রায় ১২২ কোটি টকাৰ সমান। এই মূর্তি হৈছে যিশু খ্রিস্টৰ প্রিয় শিষ্যা মেৰী মেগডালেনৰ। বহু বিতর্কিত এক ইংৰাজি ‘বেস্টসেলাৰ’ উপন্যাসত মেৰীক যিশুৰ পত্নী বুলিও দাবি কৰা হৈছিল।

maddalena giacente

১২২ কোটি টকাৰ পৰা আৰম্ভ হল দৰ

ইটালীৰ কিংবদন্তি শিল্পীৰ শেষ ভাস্কর্যৰ সন্ধান পাইছে লন্ডনৰ এটি নিলামঘৰে। শ্বেতপাথৰৰ ভাস্কর্যটি জুলাইত নিলাম কৰা হব।
ইতিমধ্যেই দাম নির্ধাৰণ কৰা হৈছে। নিলাম আৰম্ভ হব ১ কোটি ৬০ লক্ষ ডলাৰৰ পৰা । ভাৰতীয় মুদ্রাত প্রায় ১২২ কোটি টকাৰ সমান। এই মূর্তি হৈছে যিশু খ্রিস্টৰ প্রিয় শিষ্যা মেৰী মেগডালেনৰ। বহু বিতর্কিত এক ইংৰাজি ‘বেস্টসেলাৰ’ উপন্যাসত মেৰীক যিশুৰ পত্নী বুলিও দাবি কৰা হৈছিল।

মূর্তিটোৰ নাম ‘অর্ধশায়ি্তা মেদ্যালনা। ইটালীৰ ভাস্কয্য এন্তোনিও ক্যানোভাই মৃত্যুৰ পূৰ্বে তৈয়াৰ কৰিছিল বলে দাবি লন্ডনৰ নিলামঘৰ ক্রিস্টিৰ। এন্তোনিও আছিল ইটালীৰ নব্যধ্রুপদি ঘৰানাৰ শিল্পী। শিল্প বিশেষজ্ঞৰ মতে, ক্যানোভাই আছিল সেই যুগের অন্যতম । শ্বেতপাথৰৰ মূর্তিত তেওঁ যি কমনীয়তা ফুটাই তুলিছিল, সেয়া অতুলনীয়। ক্যানোভাৰ বিশেষত্ব এয়ে যে তেওঁৰ মূর্তিৰ হাত-ভৰিৰ আঙুলিৰ গঢ় নিখুঁত। ক্রিস্টিৰ বিশেষজ্ঞৰ মতে , সদ্য বিচাৰি পোৱা এই ভাস্কর্যৰ আঙুলিত এন্তোনিওৰ সেই বিশেষত্ব প্রকট হৈছে।

Exit mobile version