♦চেয়াৰ কাৰ বন্দে ভাৰত ৰেলসেৱা প্ৰৱৰ্তনৰ পাছত এইবাৰ ৰেল মন্ত্রণালয়ে চলিত বৰ্ষতে শিপাৰ সুবিধাযুক্ত বন্দে ভাৰত এক্সপ্ৰেছ ৰেল সেৱা প্ৰৱৰ্তনৰ প্রস্তুতি চলাইছে♦
ভাৰতত দূৰণিবটীয়া ৰেল সেৱাৰ ভিতৰত সবাতােকৈ দ্রুতগামী আৰু প্রিমিয়াম ৰেল হিচাপে ৰাজধানী আৰু শতাব্দী এক্সপ্ৰেছৰ বিশেষ পৰিচয় আছে।
কিন্তু অচিৰে এইসমূহ ৰেলৰ যুগৰ অৱসান ঘটিব। প্রকাশিত বাতৰি অনুসৰি অতি শীঘ্ৰে ৰাজধানী-শতাব্দী এক্সপ্ৰেছৰ স্থান গ্রহণ কৰিব ছেমি হাইস্পীড বন্দে ভাৰত এক্সপ্রেছে।
চেয়াৰ কাৰ বন্দে ভাৰত ৰেলসেৱা প্ৰৱৰ্তনৰ পাছত এইবাৰ ৰেল মন্ত্রণালয়ে চলিত বৰ্ষতে শিপাৰ সুবিধাযুক্ত বন্দে ভাৰত এক্সপ্ৰেছ ৰেল সেৱা প্ৰৱৰ্তনৰ প্রস্তুতি চলাইছে।
ছেমি হাইস্পীডৰ এই ৰেলত সকলাে সা-সুবিধা উপলব্ধ হ’ব। তদুপৰি বর্তমানে দ্রুততম ৰেল হিচাপে পৰিচিত ৰাজধানী এক্সপ্ৰেছৰ তুলনাত তিনি ঘণ্টা পূর্বে গন্তব্য স্থানত উপস্থিত হ’ব বন্দে ভাৰত এক্সপ্ৰেছ।
ফলত ভাৰতীয় ৰেলযাত্রীয়ে ৰেল ভ্ৰমণৰ ক্ষেত্ৰত এক নতুন অভিজ্ঞতাৰ সাক্ষী হ’ব। প্রকাশিত বাতৰি অনুসৰি বন্দে ভাৰত এক্সপ্রেছে প্রতি ঘণ্টাত ১৬০ৰ পৰা ১৮০ কিলােমিটাৰ গতিৰে ৰাওনা হ’ব।
যাত্রীৰ নিৰাপত্তা আৰু সুবিধাৰ দিশৰ পৰাও বন্দে ভাৰত এক্সপ্ৰেছ বিশ্বমানৰ হ’ব বুলি ৰেল মন্ত্রণালয়ে জানিবলৈ দিয়ে।