Verdict on Hijab ban : ছোৱালীৰ বাবে নতুন কলেজ বিচাৰিছো, হিজাব বিতর্কত প্রতিবাদী কলেজছাত্রীৰ পিতৃ

1647590532 hijab

হিজাব পৰিধান কৰি যোৱাৰ ‘অপৰাধ’ত কিছু মাহ পূৰ্বে তেওঁক শ্ৰেণীৰ পৰা বহিষ্কাৰ কৰা হৈছিল । উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পাছত কর্নাটকৰ উদুপিৰ সেই কলেজছাত্রী আলিয়া আছাদিয়ে হতাশা প্রকাশ কৰিলে । লগতে পুনৰ জনালে কলেজ কর্তৃপক্ষৰ দ্বাৰা অসন্মানিত হোৱাৰ কথা ।

জানুৱাৰীৰ আৰম্ভণিতে কর্নাটকৰ উদুপিত এই প্রি-ইউনিভাৰ্চিটিত আলিয়াসহ ছজন হিজাব পৰিহিত ছাত্রীক শ্ৰেণীত বহাত বাধা দিয়াৰ ঘটনা সংঘটিত হয় । কলেজ উন্নয়ন সমিতিৰ সভাপতি বিজেপি বিধায়ক ৰঘুপতি ভট্ট‌ই স্পষ্টভাৱে জনাইছে, হিজাব পৰিহিতসকলে শ্ৰেণীত প্ৰৱেশ কৰিব নোৱাৰিব । প্রতিবাদত সৰৱ হয় আলিয়াসহ কে’বাগৰাকী ছাত্রী । সেই বিতর্ক দ্রুত বিয়পি পৰে ৰাজ্যজুৰি । উচ্চ ন্যায়ালয়তো গোচৰ ৰুজু হয় । হিন্দুত্ববাদী সংগঠনৰ তৰফৰ পৰা আলিয়া আৰু তেওঁৰ কে’বাগৰাকী সহপাঠীক ‘মৌলবাদী’ হিচাপে চিহ্নিত কৰা হয় ।

একাধিক কেৰাটে প্রতিযোগিতাত পুৰস্কাৰ জয়ী আলিয়াই অৱশ্যে জনাইছে, প্রথম তেওঁলোকে কলেজ কর্তৃপক্ষৰ স’তে সংঘাতত লিপ্ত নহয় । তেওঁ কয়, ‘‘আমি প্রথমে কলেজত হিজাব পৰিধান কৰা নাছিলো । বৰঞ্চ হিজাব পিন্ধাৰ প্রয়োজনীয়তা বুজাবলৈ অভিভাৱকসকলক পঠাইছিলো । কিন্তু প্রিন্সিপাল তেওঁলোকৰ যুক্তিত আশ্বস্ত নহয় । তেওঁৰ পৰা কোনো উত্তৰ নোপোৱাত, আমি হিজাব পৰিধান কৰা আৰম্ভ কৰো । ইয়াৰ পাছত আমাক আৰু শ্ৰেণীত প্ৰৱেশ কৰিবলৈ দিয়া নহয় ।’’

হিজাব পৰিধান নিষিদ্ধ কৰাৰ বিপক্ষত দাখিল হোৱা সমস্ত পিটিছন মঙলবাৰে খাৰিজ কৰিছে কর্নাটক উচ্চ ন্যায়ালয়ে । জনাইছে, হিজাব পৰিধান কৰা বাধ্যতামূলক ধর্মীয় অনুশীলন নহয় । ইয়াৰ ফলত উচ্চ ন্যায়ালয়ত জয়ী হৈছে বিজেপি পৰিচালিত কর্নাটক চৰকাৰ । আলিয়া জনাইছে, বিজেপি বিধায়ক পৰিচালিত এই কলেজত তেওঁ আৰু ক্লাছ কৰাৰ কথা ভবা নাই । তেওঁৰ পিতৃয়ে কয়, ‘‘চাওঁ, হিজাব পৰিধান কৰি ক্লাছ কৰাৰ অনুমতি দিয়া কোনো কলেজৰ সন্ধান পাওঁ নে নাই ।’’

Exit mobile version