আর্জেন্টিনাৰ এই পৰিয়ালে ৯০ বছৰীয়া পুৰণি গাড়ীৰে কৰিলে বিশ্ব ভ্ৰমণ,২২বছৰ পাছত উভতিল ঘৰলৈ

Zapp AFP

আর্জেন্টিনাৰ এটা পৰিয়ালে সম্পন্ন কৰিলে বিশ্ব ভ্রমণ। এই পৰিয়ালটোৱে ২২ বছৰ ধৰি একেৰাহে বিশ্ব ভ্রমণ অব্যাহত ৰখাৰ লগতে বিশ্বৰ পাঁচখন মহাদেশ নিজৰ ৯০ বছৰীয়া পুৰণি গাড়ীৰে দৰ্শন কৰে। এই ৰােমাঞ্চকৰ যাত্রা পৰিয়ালটোৱে ২০০০ বৰ্ষত আৰম্ভ কৰিছিল।

উল্লেখ্য যে এই ভ্ৰমণৰ সময়তে হৰ্মন আৰু কেণ্ডেলাৰিয়া দম্পতীৰ চাৰিটা সন্তাননা জন্ম হ’ল আৰু তেওঁলােক এতিয়া ডাঙৰ হ’ল। হর্মন আৰু কেণ্ডেলাৰিয়া দম্পতীয়ে বিগত ২২ বছৰীয়া ভ্রমণ কালত মুঠ ৩,৬২,০০০ কিলােমিটাৰ যাত্ৰা কৰিলে।

বর্তমানে তেওঁলােকে উৰুগুৱেত উপস্থিত হৈছে। অহা দেওবাৰে পৰিয়ালটোৱে বুয়েনছ আয়ৰ্ছৰ আবেলিস্কত উপস্থিত হ’ব । উল্লেখ্য যে এই অঞ্চলৰ পৰাই হর্মন আৰু কেণ্ডেলাৰিয়াই ২০০০ বৰ্ষৰ ২৫ জানুৱাৰীত বিশ্ব ভ্রমণ কার্যসূচী আৰম্ভ কৰিছিল।

হর্মনে ৩১ বছৰ আৰু কেলােৰিয়াই ২৮ বছৰ বয়সত বিশ্ব ভ্ৰমণৰ এই কাৰ্যসূচী আৰম্ভ কৰিছিল। বর্তমান হৰ্মনৰ বয়স ৫৩ বছৰ আৰু পত্নীৰ বয়স ৫১ বছৰ।

হর্মন আৰু কেণ্ডেলাৰিয়াই কয় যে তেওঁলােকৰ এই বিশ্ব ভ্ৰমণৰ অন্যতম স্মৰণীয় দিশটো হ’ল এই ভ্ৰমণৰ সময়ত যাত্রাপথত লগ, পােৱা ব্যক্তিসকল।

২২ বছৰীয়া বিশ্ব ভ্ৰমণত তেওঁলােকে ভ্রমণ কৰিলে বিশ্বৰ ১০২খন দেশ। এই যাত্রাকালত যুদ্ধ আৰু অন্যান্য সংঘাতৰ কাৰণত কে’বাবাৰাে তেওঁলােকে যাত্রাপথ সলনি কৰিব লগা হৈছিল।

একেলগে বিশ্ব ভ্রমণ ২২ বছৰ পূর্বে আৰম্ভ কৰিলেও হর্মন- কেণ্ডেলাৰিয়াই ছবছৰ পূৰ্বেহে বিবাহপাশত আবদ্ধ হৈছিল। এই বিশ্ব ভ্ৰমণত তেওঁলােকৰ সাৰথি আছিল ১৯২৮ত নির্মিত এখন গাড়ী।

এই গাড়ীখন তেওঁলােকে উপহাৰ হিচাপে লাভ কৰিছিল আৰু সেই সময়ত গাড়ীখন সচল অৱস্থাত নাছিল। হর্মন দম্পতীয়ে গাড়ীখন মেৰামতি কৰাই ব্যৱহাৰৰ উপযােগী কৰি লৈছিল আৰু বিশ্ব ভ্ৰমণৰ বাবে এই গাড়ীখনকে ব্যৱহাৰ কৰে।

হর্মনে প্রকাশ কৰা মতে,২২বছৰৰ বিশ্ব ভ্ৰমণৰ সময়ত তেওঁলােকে গাড়ীখনৰ মাত্র আঠবাৰ টায়াৰ সলনি কৰিব লগা হৈছিল।ইয়াৰ মাজতে দুবাৰ ইঞ্জিনাে মেৰামতি কৰাইছিল তেওঁলােকে। বিশ্ব ভ্ৰমণৰ সময়তে জন্ম লাভ কৰা তেওঁলােকৰ চাৰি সন্তানৰ এটিৰ বয়স ১৯ বছৰ আৰু আন এটা ১৬ বছৰীয়া।

Exit mobile version