Russia-Ukraine War: ৰুছ ক্ষেপণাস্ত্রত প্রাণ গ’ল ইউক্রেনীয় বেলে  তাৰকা আর্টিওমেৰ

6c122ddf db15 4ee0 974f 9c7b393065b2

এই বাৰ ইউক্রেনীয় বেলে তাৰকা আর্টিওম দাকশিলৰ মৃত্যু হ’ল ৰুছ ক্ষেপণাস্ত্র আক্ৰমণত। কিছু দিন পূৰ্বে ৰাছিয়াৰ সেনাৰ ক্ষেপণাস্ত্র আক্ৰমণত আহত হয় আর্টিওম। পাছত বৃহস্পতিবাৰে মৃত্যু হয় ৪৩ বছৰীয়া এই শিল্পীৰ।

ইউক্রেনীয় এই বেলে তাৰকা নেচনেল অপেৰাৰ স’তে যুক্ত আছিল। কিছু দিন পূৰ্বে আর্টিওমৰ ঘৰত ক্ষেপণাস্ত্র নিক্ষেপ কৰে। তাৰ পাছতে তেওঁৰ মৃত্যু হৈছে বুলি কয় ইউক্রেনৰ সংবাদমাধ্যমে।

উল্লেখ্য, পূৰ্বে নিজ গৃহত থকাকালীন ৰুছ ৰকেট আক্ৰমণত নিহত হয় ইউক্রেনেৰ জনপ্রিয় অভিনেতা ওকসানা শভেটছ। ইউক্রেনৰ সর্বোচ্চ সম্মান ‘ওনার্ড আর্টিস্ট অব ইউক্রেন’ প্ৰাপ্ত আছিল তেওঁ।

Exit mobile version