তামাৰহাটত দুটা প্ৰকাণ্ড অজগৰ উদ্বাৰ ,বনাঞ্চলৰ এৰি দিয়ে বন বিভাগে

34350eb2 6d6c 4bbd a044 67988df12cee

ধুবুৰী জিলাৰ তামাৰহাটৰ নিকটৱৰ্তী আপৰাপাৰত এটা পুখুৰীতে দুটাকৈ অজগৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বৰুণডাঙ্গা আপৰাপাৰত উদ্ধাৰ হয় এই অজগৰ দুটা, এটা ১৩ ফুট আনটো সাত ফুট দীঘল ।

গাওঁ খনৰ দুলাল ৰায় নামৰ লোক জনে নিজৰ পুখুৰীত মাছ ধৰিবলৈ গৈ জালত অজগৰটো প্ৰত্যক্ষ কৰে । পাছত আলোকঝাৰি বনবিভাগত খবৰ দিয়াত বনকৰ্মীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰী টোত জাল পেলাই প্ৰায় ছয় সাত ফুট দীঘলৰ এটা অজগৰ উদ্ধাৰ কৰে ।

ইপিনে উদ্ধাৰ কৃত অজগৰটো আটক কৰি লৈ যোৱাৰ সময়তে আন এটা অজৰ ৰাইজে প্ৰতক্ষ্য কৰাত জাল পেলাই ১৩ ফুট দীঘলৰ অজগৰটো আটক কৰে ।

আনফালে অজগৰ চাবলৈ পুখুৰীৰ পাৰত ৰাইজৰ হেতা ওপৰা । বন বিভাগে আজি দুয়োটা অজগৰ উদ্ধাৰ কৰি আলোকঝাৰি বনাঞ্চলত এৰি দিয়ে ।

Exit mobile version