বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বগুৰিগুৰী আৰু ভেটুমাৰী টুপৰ গাঁওবুঢ়া ফকৰুদ্দিন আলী আহমেদৰ শোষণত অতিষ্ঠ হৈ দলে-বলে ওলাই আহিল ৰাইজ ৷ ৰাইজমেল পাতি গাঁওবুঢ়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ৷ ৰাইজৰ অভিযোগ, গাঁওবুঢ়া ফকৰুদ্দিন আলী আহমেদে স্থানীয় দুখীয়া-দৰিদ্ৰ শ্ৰেণীৰ লোকক ভয়-ভাবুকিৰে ধন লুটি নিজৰ বিলাসীতাৰ বাবে অট্টালিকা সাজিছে, ব্যৱহাৰ কৰে বিলাসী বাহন ৷ এখন প্ৰমাণপত্ৰ আনিবলৈ হ’লে গাঁওবুঢ়াক দিব লাগে ১০, ২০, ৫০ কিম্বা এক লাখলৈ টকা ৷ যি ধন যোগাৰ কৰিব নোৱাৰি তিনি বছৰলৈকে পিতৃৰ মৃত্যু প্ৰমাণ পত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ভুক্তভোগীয়ে ৷ যাৰ বাবে স্থানীয় ৰাইজে গাঁৱত ৰাইজ মেল পাতি অভিযোগ উত্থাপন কৰে ৷
দৰিদ্ৰ পৰিয়াল হেতু ধন দিব নোৱাৰাৰ বাবে গাঁওবুঢ়াই অশ্লীল ইংগিত দিয়াৰ অভিযোগো উত্থাপন কৰে এগৰাকী মহিলাই ৷ ইতিমধ্যে গাঁওবুঢ়াৰ কেলেংকাৰীৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হৈছে ৷ বাতৰিৰ প্ৰভাৱত ইতিমধ্যে গাঁওবুঢ়া ফকৰুদ্দিন আলী আহমেদক চাকৰিৰ পৰা নিলম্বনৰ বাতৰি পোৱা গৈছে যদিও বিভাগীয়ভাৱে নিলম্বনৰ সত্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কিন্তু ৰাইজে এইখিনিতে ক্ষান্ত নাথাকি লম্পট গাঁওবুঢ়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৷
গাঁওবুঢ়া ফকৰুদ্দিনে আৰক্ষীৰ পৰা হাত সাৰিবৰ বাবে ইতিমধ্যে আত্মগোপন কৰিছে বুলিও অভিযোগ উঠিছে ৷ আৰক্ষীয়ে গাওঁবুঢ়া ফকৰুদ্দিনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে ৰাইজে দাবী জনোৱাৰ সময়তে শেহতীয়াকৈ গাওঁবুঢ়া ফকৰুদ্দিনৰ উৎকোচ লোৱাৰ এটা অডিঅ’ ৰেকৰ্ডিঙো ফাদিল হৈছে ৷ যাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে কিছুদিনৰ পৰা গাঁওবুঢ়াৰ দুৰ্নীতি সন্দৰ্ভত ৰাইজে বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰপেটা জিলাৰ উপায়ুক্ত, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়ালৈ অভিযোগ পত্ৰ দাখিল কৰাৰ লগতে সৰভোগ আৰক্ষী চকীতো ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিল ৷ এই সম্পৰ্কে ইতিমধ্যে বিভিন্ন প্ৰচাৰ মাধ্যমত বিস্তাৰিতভাৱে বাতৰি প্ৰচাৰিত হৈ থকাৰ মাজতে আন এক অডিঅ’ ৰেকৰ্ডিং ফাদিল হোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সম্প্ৰতি গাঁওবুঢ়া ফকৰুদ্দিন পলাতক হৈ থকা বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।