Harbhajan Singh : ৰাজ্যসভাত যোগ দিব হৰভজন সিঙে

Harbhajan Singh 1

পঞ্জাৱ বিধানসভা নির্বাচনত ঐতিহাসিক জয়ৰ পাছত, অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) নেতৃত্বাধীন আম আদমি পার্টিয়ে (AAP) প্রাক্তন ক্রিকেটাৰ হৰভজন সিং (Harbhajan Singh), দলৰ জ্যেষ্ঠ নেতা ৰাঘৱ চাড্ডা (Raghav Chadha) আৰু আইআইটি-দিল্লীৰ সহযোগী অধ্যাপক সন্দীপ পাঠকক (Sandeep Pathak) ৰাজ্যসভাত মনোনীত কৰাৰ সিদ্ধান্ত লৈছে ।

সূত্র অনুসৰি, অৰবিন্দ কেজৰিৱালৰ দলে হৰভজন সিঙক এজন “যুৱ আইকন” আৰু দেশৰ এটা সুপৰিচিত নাম হিচাপে গণ্য কৰে । তেওঁলোকে ভাবে যে ৰাজ্যসভা আসনৰ বাবে তেওঁ এজন সুপ্রার্থী ।

তেওঁলোকে দিল্লীৰ (Delhi) বিধায়ক ৰাঘৱ চাড্ডা সম্পর্কে ধাৰণা কৰে যে তেওঁ কে’বা বছৰ ধৰি দলৰ স’তে জড়িত আৰু বিভিন্ন কাৰ্যৰ মাধ্যমত নেতৃত্বত আহিছে । তেওঁলোকে বিশ্বাস কৰে যে তেঁৱো ৰাজ্যসভা আসনৰ বাবে শক্তিশালী প্রতিদ্বন্দ্বী হ’ব পাৰে ।

পঞ্জাৱৰ দায়িত্বত নিযুক্ত হোৱাৰ পাছৰ পৰাই ৰাঘৱ চাড্ডাই তেওঁৰ যোগ্যতা প্রমাণ কৰিছে । তেওঁ দলৰ কর্মচাৰীসকলৰ স’তে অতি ঘনিষ্ঠভাৱে কাম কৰিছে আৰু পঞ্জাৱৰ বিধানসভা নির্বাচনত এএপি-ৰ দুর্দান্ত জয় নিশ্চিত কৰিছে ।

যদিও চাড্ডা দিল্লীৰ এখন আসনৰ বিধায়ক । কিন্তু এএপি নেতৃত্ব‌ই বিশ্বাস কৰে যে তেওঁ ৰাজ্যসভাযত দলৰ হৈ মূল্যৱান কাম কৰিব পাৰিব । এএপি সূত্রে জানিব পৰা গৈছে যে আৰু কে’বাটাও নাম বিবেচনা কৰা হৈছে । কিন্তু তেওঁলোক নিশ্চিত যে আটাইতকৈ উপযুক্ত ব্যক্তিসকলক উচ্চকক্ষত প্ৰেৰণ কৰা হৈছে ।

২০১৮ত, এএপি দিল্লীৰ পৰা দলৰ বৰিষ্ঠ নেতা সঞ্জয় সিঙক এখন আসনত মনোনয়ন দিয়ে । বাকী দুখন আসনত দলৰ নতুন মুখ সুশীল গুপ্তা আৰু এনডি গুপ্তাক দিয়া হৈছিল । যদিও এই নির্বাচনৰ ফলত দলৰ ভিতৰত আৰু বাহিৰত সকলোতে তীব্র প্রতিক্রিয়াৰ সন্মুখীন হয় নেতৃত্ব ।

নির্বাচন কমিছনে (EC) সম্প্রতি ঘোষণা কৰিছে যে পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাতখন আসনৰ ভিতৰত পাঁচখনত নির্বাচন অনুষ্ঠিত হ’ব ৩১ মার্চত । মনোনয়ন জমা দিয়াৰ শেষ দিন ২১ মার্চ ।

Exit mobile version