তামাৰহাটত এম্বুলেন্স আৰু চুইফট ডিজাৰৰ মুখামুখি সংঘৰ্ষ

কথমপি ৰখা পৰিল শিশুসহ তিনিজন যাত্ৰী

ab1460d0 e525 4f40 8dc4 11dd6ee98aac

ধুবুৰী জিলাৰ তামাৰহাট বজাৰৰ নিচেই কাষত আজি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । তথ্য অনুসৰি ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।

দৈবক্ৰমে দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰে তিনিজন লোকৰ । এখন এম্বুলেন্স আৰু চুইফট ডিজাৰৰ মুখামুখি সংঘৰ্ষত দুয়োখন বাহনৰ বিস্তৰ ক্ষতি সাধন হয়।

AS25EC -৯৮৯২ নম্বৰৰ এম্বুলেন্সখন ধুবুৰীৰ পৰা ৰোগী লৈ তামাৰহাট আহে। ৰোগী নমাই পুনৰ ধুবুৰী অভিমুখে গৈ থকা সময়ত বিপৰীত দিশৰ পৰা অহা AS01EM – ৪৬০৪ নম্বৰৰ চুইফট ডিজাৰৰ স’তে মুখামুখি সংঘৰ্ষ হয়।

ফলত দুয়োখন গাড়ীৰ ক্ষতি সাধন হয় যদিও চুইফট ডিজাৰত থকা থকা লোক সকলে কথমপি ৰক্ষা পৰে। ইয়াৰ ভিতৰত এটি শিশু আছিল।

Exit mobile version