নাটোৰ ভূমিকা সম্পৰ্কে ক্ষোভ প্রকাশ কৰিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । সামৰিক জোঁটটোৰ সদস্যপদ নোপোৱাৰ বাবে উষ্মা প্রকাশ কৰি এইবাৰ ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ স’তে আলোচনাত মিলিত হ’বলৈ প্ৰস্তুত ।
সোমবাৰে ইউক্রেইনৰ এক সংবাদমাধ্যমত জেলেনস্কিয়ে (Volodymyr Zelenskyy) কয়, “হয় নাটোৱে কওক তেওঁলোকে আমাক সদস্যপদ দিব আৰু নহ’লে মানি লওক ৰাছিয়াৰ ভয়ত তেওঁলোকে আমাক জোঁটত অন্তৰ্ভুক্ত কৰা নাই । এইটোৱে সত্য ।”
অৱশ্যে জোঁটত অন্তৰ্ভুক্ত নকৰিলেও যুদ্ধ শেষ কৰিবলৈ তেওঁ নাটো দেশসমূহৰ পৰা সামৰিক সাহায্য বিচাৰিছে । ইপিনে, ৰয়টার্ছ সূত্রে খবৰ, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ স’তে আলোচনাত বহিবৰ বাবে আবেদন জনাইছে জেলেনস্কিয়ে । যুদ্ধৰ ক্ষয়ক্ষতিৰ মাজতে তেওঁ দ্রুত আলোচনাৰ মাধ্যমত সমস্যাৰ সমাধান কৰিব বিচাৰিছে বুলি খবৰ ।
বিশ্লেষকসকলৰ মতে, জেলেনস্কি চৰকাৰৰ নাটো সামৰিক জোঁটত যোগদানৰ চেষ্টা এই যুদ্ধৰ অন্যতম কাৰণ । ৰাছিয়াই আৰম্ভণিৰ পৰাই ইউক্রেইনৰ নাটোত যোগদানক লৈ বিপৰীত আৰু বিৰোধী মনোভাব প্রকাশ কৰি আহিছে । কাৰণ প্রতিবেশী ইউক্রেইনৰ নাটোত যোগদানক মস্কোৱে নিজৰ নিৰাপত্তাৰ বাবে বৃহৎ সকীয়নি বুলি ধাৰণা কৰিছে । কিছুদিন পূৰ্বে বর্তমান পৰিস্থিতিত কিয়েভে নাটোভুক্ত হোৱাৰ দাবী প্ৰত্যাখান কৰিছে বুলি জনাইছিল জেলেনস্কিয়ে । কিয়েভৰ এই অৱস্থানৰ পৰা আঁতৰি অহাৰ অর্থ, নিশ্চিতভাৱেই দুই দেশৰ মাজৰ যুদ্ধত যতি পৰাৰ ইংগীত । কিন্তু এইবাৰ পুনৰ নাটোক আবেদন জনাই তেওঁ পৰিস্থিতি অধিক জটিল কৰি তুলিছে ।
উল্লেখ্য, যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইনত আক্ৰমণ চলায় ৰাছিয়াই । মুখত পুতিন বাহিনীক সকীয়নি দিলেও প্ৰত্যক্ষ যুদ্ধ ক্ষেত্রত ফৌজ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে আমেৰিকা আৰু নাটো-ৱে । তেওঁলোকৰ শংকা ইউক্রেইনত সেনা পঠালে ৰাছিয়াৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধত জড়িত হৈ পৰিব নাটো । অর্থাৎ ময়দানত জেলেনস্কিয়ে অকলেই বিশাল ৰুছ বাহিনীৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে । ইউক্রেইনৰ সেনাৰ বাবে যে পৰিস্থিত ক্রমে জটিল হৈ উঠিছে সেয়া স্পষ্ট ।