বিটিআৰ চুক্তিক বিৰোধীতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ স্বাক্ষৰকাৰী পাঁচজনৰ পুত্তলিকা দাহ

২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত হোৱা বিটিআৰ চুক্তিক বিৰোধীতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ স্বাক্ষৰকাৰী সকলৰ বিৰুদ্ধে আজি এবছুৱে বিভিন্ন প্ৰান্তৰ লগতে দোতমাতো প্ৰতিবাদ সাব্যস্ত কৰে ৷

মূল স্বাক্ষৰকাৰী প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বৈসুমুথিয়াৰী,প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী,প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগোৱাৰী,বড়ো ৰাইটাৰ একাডেমী আৰু প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্থ কৰে ৷কোকৰাঝাৰ জিলা সদৰৰ  লগতে  এবছুৰ দোতমা  আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত কাৰ্যসুচীত অংশগ্ৰহনকাৰী সকলে এবছু লং লিভ ,ছানছুমা খুংগুৰ মুৰ্দাবাদ ,চন্দন ব্ৰহ্ম মুৰ্দাবাদ আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷

Exit mobile version