ষ্ট্ৰ’ক প্রতিৰােধৰ উপায়

19noa exercise blog480

★ উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰিব লাগিব।

★ নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস কৰাটো ভাল।

★ কায়িক শ্ৰম কৰিলেও ষ্ট্ৰ’ক প্রতিবােধ কৰাটো সম্ভৱ।

★ ফাষ্টফুড, জাংক ফুড যিমান পাৰি সিমানেই কমকৈ খাব লাগে।

★ কিছুমান ঔষধ দীর্ঘদিন ধৰি ব্যৱহাৰ কৰিলে যিহেতু ষ্ট্ৰ’ক হােৱাৰ আশংকা থাকে সেয়েহে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰাটো অতিকৈ গুৰুত্বপূর্ণ বিষয়।

★ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবই লাগিব।

★ মদ্যপান কৰােতে মনত ৰাখিব যাতে নির্দিষ্ট পৰিমাণতকৈ বেছি সেৱন নকৰে।

★ ধূমপানৰ পৰা আঁতৰি থাকিবই লাগিব। নিয়মীয়াকৈ সেউজীয়া শাক-পাচলি খাব লাগে।

★ মেদবহুলতাই যাতে গা কৰি উঠিব নােৱাৰে সেই দিশতাে সমানেই গুৰুত্ব দিব লাগিব।

★ জীৱন-শৈলীৰ পৰিৱৰ্তন কৰিবই লাগিব।

★ চিকিৎসকে আগবঢ়োৱা পৰামর্শ মতেহে ঔষধ সেৱন কৰিব লাগে।

Exit mobile version