মানুহৰ বয়স বৃদ্ধি হ’বই। ই এক স্বাভাৱিক প্রক্রিয়া। কিন্তু ইয়াৰ পাছতাে মানুহে বয়স বৃদ্ধিৰ কবলৰ পৰা মুক্ত হ’বলৈ নিৰলস প্রচেষ্টা। অব্যাহত ৰাখিছে। ইয়াৰ পাছতাে অৱশ্যে মানুহে বয়স বৃদ্ধিৰ প্রকোপৰ পৰা মুক্তি লাভ কৰিব পৰা নাই।
একাংশ বিজ্ঞানীৰ দাবী অনুসৰি,আগন্তুক দিনত সঁচাকৈয়ে মানুহে বৃদ্ধ হােৱাৰ পৰা ৰক্ষা লাভ কৰিব। বাস্তৱতে মানুহে চিৰ তৰুণ হৈ থাকিব পাৰিব। এইবাৰ এই দাবী কৰিলে এমেজ’নৰ মুৰব্বী জেফ বেজ’ছে।
বেজ’ছৰ মালিকানাধীন এটা লেবে দাবী কৰা অনুসৰি, আগন্তুক দুই দশকৰ ভিতৰত মানুহে এনে এক অস্ত্র লাভ কৰিব যাৰ । জৰিয়তে বয়স বৃদ্ধিক বাধা দিব পৰা যাব। বেজ’ছৰ প্রতিষ্ঠানটোৱে এইচ) বিষয়ত এক গৱেষণামূলক অধ্যয়ন অব্যাহত ৰাখিছে।
গৱেষকৰ মতে, বয়স বৃদ্ধিৰ নেতিবাচক প্রভাৱৰ পৰা ভৱিষ্যতে মানৱ মুক্ত হ’ব পাৰিব। এদিন মানুহে অমৰ হােৱাৰ স্বপ্নও পূৰণ কৰিবলৈ সক্ষম হ’ব বুলিও বেজছৰ লেবৰ গৱেষকে আশা কৰিছে। বয়স মানুহৰ বৃদ্ধি পাবই।
বয়স বৃদ্ধিৰ প্রক্রিয়াক বাধা দিয়াৰ কোনাে উপায় নাই। জন্ম ল’লে লাহে লাহে মানুহৰ বয়স বাঢ়িবই। ইয়াক কোনেও বাধা দিব নােৱাৰে। এই প্রক্রিয়াটো একমুখী। আমি জনম লওঁ আৰু তাৰ পাছত লাহে লাহে সময়ৰ স’তে মৃত্যুৰ দিশলৈ অগ্ৰসৰ হওঁ। ঠিক এইদৰে বয়স বৃদ্ধি অব্যাহত থাকে।
কিন্তু ইয়াৰ পাছতাে বহুতে কামনা কৰে অমৰ হােৱাৰ অথবা বার্ধক্যৰ পৰা মুক্তি লাভৰ কথা চিন্তা কৰে। কেনেবাকৈ যদি বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটোক বাধা দিব পৰা গ’লহেঁতেন! অন্ততঃ বয়সৰ গতিক যদি মন্থৰ কৰিব পৰা গ’লহেঁতেন!!
এই চিন্তাৰে এক নতুন গৱেষণামূলক অধ্যয়ন অব্যাহত ৰাখিছে বেজ’ছৰ এল্টছ নামৰ লেবটোৱে। এল্টছৰ গৱেষকৰ মতে,বয়স দৰাচলতে হৈছে মানৱ দেহৰ এক ৰােগহে। সেয়েহে আন বহু ৰােগৰ দৰে এল্টছৰ গৱেষকে বয়স বঢ়াৰ ৰােগৰৰ চিকিৎসাৰ উপায়ৰ সন্ধান কৰিছে।
এই বিষয়ত ইতিমধ্যে এল্টছে অধ্যয়ন ব্যাপক কৰি তুলিছে। প্রকাশিত বাতৰি অনুসৰি, বেজ’ছে এই গৱেষণাৰ বাবে বৃহৎ পৰিমাণৰ ধন বিনিয়ােগ কৰিছে। বেজ’ছৰ দৰে মানুহে সদায় সময়ৰ আগত থাকে। ২০২১ বৰ্ষতে বেজ’ছে। নিজা প্রতিষ্ঠান ব্লু অৰিজিনৰ যানৰে মহাকাশ ভ্রমণ কৰিছিল।
এইবাৰ বেজ’ছৰ এছ লেবে মানুহৰ অমৰত্বৰ সন্ধান কৰিব বিচাৰিছে। ইতিমধ্যে এল্টছে নিজৰ লক্ষ্যৰ কথা ঘােষণা কৰিছে। এল্টছে এনে এটা পদ্ধতিৰ সন্ধান কৰিব বিচাৰিছে যাৰ জৰিয়তে মানৱ দেহৰ কোষৰ স্বাস্থ্য সলনি বা নিয়ন্ত্রণ কৰিব পাৰি। এল্টছৰ এই গৱেষণাত অংশ লৈছে বিশ্বৰ কে’বাজনাে আগশাৰীৰ বিজ্ঞায়ে।
এইসকল বিজ্ঞানীৰ মাজত নবেল প্রাপক বিজ্ঞানীও আছে। অৱশ্যে এল্টছে ঘােষণা কৰি কৈছে যে কোনাে ব্যক্তি বিশেষৰ অমৰত্বৰ বাবে তেওঁলােকে এই অধ্যয়ন চলােৱা নাই, বৰঞ্চ সমগ্র মানৱ জাতিৰ কল্যাণত আহিব পৰা দিশলৈ লক্ষ্য ৰাখিহে প্রতিষ্ঠানটোৱে গৱেষণা অব্যাহত ৰাখিছে।
উল্লেখ্য যে সম্প্রতি বেজ’ছ হৈছে বিশ্বৰ দ্বিতীয়জন সবাতােকৈ ধনাঢ্য ব্যক্তি। ই-শপিং প্রতিষ্ঠান এমেজনৰ লগতে মহাকাশ গৱেষণা সংস্থা ব্লু অৰিজনৰাে প্ৰতিষ্ঠাপক হৈছে বেজ’ছ। এইজন বেজ’ছে অমৰ হােৱাৰ আকাংক্ষাৰে এল্টছৰ জৰিয়তে এই বিষয়ত গৱেষণা কৰােৱা বুলি চর্চিত হৈছিল।
কিন্তু এল্টছে ইতিমধ্যে স্পষ্ট কৰি কৈছে যে এজন-দুজন ব্যক্তিৰ কথা ভাবি তেওঁলােকে অমৰত্বক লৈ গৱেষণা চলােৱা নাই, সমগ্র মানৱ জাতিয়ে যাতে ভৱিষ্যতে এই সুবিধা লাভ কৰিব পাৰে; তাৰ প্রতি লক্ষ্য ৰাখিহে অধ্যয়ন অব্যাহত ৰখা হৈছে।
ডেভেলপমেন্টেল বায়’লজিষ্ট জুৱান কালুছ ইছপিছুৱাৰ মতে আগন্তুক ২০ বছৰৰ ভিতৰতে মানুহে বয়স বৃদ্ধিক পৰাভূত কৰাৰ সম্ভাৱনা আছে। বিজ্ঞানীজনে কয় যে আগন্তুক দুই দশকৰ ভিতৰত মানৱে এনে এক অস্ত্র বা পদ্ধতি লাভ কৰিব যাৰ জৰিয়তে ৰােগৰ চিকিৎসাৰ লগতে ৰােগৰ পূর্বাভাস দিবলৈ সক্ষম হ’ব।
আনকি মানৱ দেহৰ কোষকো দিব পাৰিব নতুন জীৱন। জুৱানে কয় ‘আমি এনে এক পদ্ধতিৰ উদ্ভাৱন কৰিব বিচাৰে যাৰ জৰিয়তে মানৱ দেহক কোনাে ৰােগত আক্রান্ত হােৱাৰ দিশত অগ্ৰসৰ হওঁতে ইয়াৰ গতি অতি মন্থৰ কৰিব বা বাধা দিব পৰা যায়। ‘ইয়াৰ বাবে এল্টছৰ বিজ্ঞানীয়ে ব্যৱহাৰ কৰিব চেলুলাৰ ৰিপ্র’গ্রামিং পদ্ধতি।
জৈৱ প্ৰযুক্তিৰ মাধ্যমৰে সংঘটিত কৰা হ’ব এই সমগ্র অধ্যয়ন। এই ক্ষেত্ৰত ডিজেনেৰেচনৰ পৰা ৰিজেনেৰেচন কৰা হ’ব। ন’বেল জয়ী বিজ্ঞানী জুৱানৰ নেতৃত্বত ইতিমধ্যে এন্দুৰৰ দেহত এই বিষয়ত পৰীক্ষামূলক অধ্যয়ন চলােৱা হৈছে আৰু মধ্য বয়সীয়া এন্দুৰৰ বয়স বৃদ্ধিৰ প্রক্রিয়াক বাধা দিবলৈও গৱেষক সফল হৈছে।
এইবাৰ গৱেষকে বান্দৰৰ ওপৰত একে পৰীক্ষা চলাব। বান্দৰৰ ক্ষেত্ৰত সফল হলে পৰৱৰ্তী সময়ত মানৱ দেহক লৈ এই বিষয়ত অধ্যয়ন চলােৱা হ’ব।