Booster Dose : সকলোকে বুষ্টাৰ টিকা দিয়াৰ পৰিকল্পনা, বিশ্বৰ নানা প্রান্তত কৰ’না সংক্ৰমণ হোৱাত তৎপৰ কেন্দ্র

covid booster shot

বিশ্বৰ ভিন্ন প্রান্তত নতুনকৈ কৰ’না সংক্রমণ আৰম্ভ হোৱাত তৎপৰ কেন্দ্র । সূত্রৰ মতে, যিসকলে ইতিমধ্যে কৰ’নাৰ দুটা টিকা লৈছে তেওঁলোকে সতর্কতামূলক পদক্ষেপ হিচাপে তৃতীয় টিকা লোৱাৰ প্রয়োজন আছে নে নাই, তাক লৈ আলোচনাত বহিব স্বাস্থ্য বিষয়াসকল । অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই বুলি জনাইছে কেন্দ্র‌ই ।

যোৱা ডিচেম্বৰত বিশ্বৰ বিভিন্ন দেশৰ দৰেই ভাৰততো কৰ’না ভাইৰাছৰ অ’মিক্রন প্রজাতিৰ মাধ্যমত সংক্রমণ হয় । সেই সময়ত স্বাস্থ্যকর্মী আৰু আগশাৰীৰ কৰ্মচাৰীসকলৰ বাবে কৰ’নাৰ বুষ্টাৰ ড’জ আৰম্ভ কৰিছিল কেন্দ্ৰ‌ই । পৰৱর্তী পৰ্যায়ত ৬০ বছৰৰ ঊৰ্ধ্বৰ অসুস্থ ব্যক্তি, যিসকল ক্রনিক ৰোগী তেওঁলোকৰ টিকাকৰণ আৰম্ভ হয় । বর্তমান নিৰোগী কিন্তু ৬০ বছৰৰ ঊৰ্ধ্বৰসকলৰ টিকাকৰণ আৰম্ভ হৈছে ।

মাজতে ৬০ বছৰৰ তলৰ ব্যক্তিসকলক সতর্কতামূলক ড’জ দিয়াৰ প্রস্তাৱ উত্থাপিত হয় যদিও, দেশত কৰ’নাৰ প্রকোপ কমি অহাত সৰুসকলৰ টিকাকৰণত মনোযোগ দিয়ে কেন্দ্র‌ই । যদিও কেন্দ্রীয় স্বাস্থ্য যুগ্মসচিব লব আগৰৱালে আজি সতর্ক কৰি দিয়ে যে, ‘‘দেশত সংক্রমিতৰ সংখ্যা কমিলেও মনত ৰাখিব লাগিব অ’মিক্রন প্রজাতি এতিয়াও ভাৰতত সক্রিয় হৈ আছে ।’’

বিগত এমাহত ভাৰতৰ দৰেই বিশ্বত সংক্রমণৰ সূচক তলত নমাৰ ইংগীত দিছিল । কিন্তু বিগত সাত-১০ দিন ধৰি বিভিন্ন দেশত বিশেষকৈ চীন, দক্ষিণ কোৰিয়া, হংকং, ফ্রান্স, ব্রিটেইনত নতুনকৈ সংক্রমণ বাঢ়িছে । যি গতিতে সংক্রমণ হৈছে, আগন্তুক দিনত ভাৰততো ইয়াৰ প্রভাৱ পৰিব বুলি শংকা প্রকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে । বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ প্রাথমিক অনুসন্ধান অনুযায়ী, নতুন প্রজাতিটো সংক্রমণৰ ক্ষেত্ৰত অ’মিক্রনতকৈও শক্তিশালী বুলি তথ্য পোৱা গৈছে ।

সংক্রমণে নতুনকৈ গতি পোৱাত ভাৰততো ৬০ বছৰৰ তলৰ লোকক কৰ’নাৰ বুষ্টাৰ ড’জ দিয়া আৰম্ভ কৰা উচিত হয় নে নহয় তাক লৈ আলোচনা আৰম্ভ হৈছে । সূত্রৰ মতে, যিহেতু টিকাকৰণে গুৰুতৰ সংক্রমণ আৰু মৃত্যুৰ পৰা ৰক্ষা কৰে সেয়ে চতুর্থ ঢৌ অহাৰ আগতে বুষ্টাৰ ড’জ দিয়া সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে ।

ইয়াৰ উপৰি পৃথিৱীৰ বহু দেশতেই প্রৱেশৰ বাবে কৰ’নাৰ তিনিটা ড’জ আছে নে জানিব বিচৰা হয় । ফলত বহু দেশত প্রৱেশ কৰোতে ভাৰতীয়সকলে সমস্যাত পৰে । সেই সমস্যাত নপৰিবলৈ বুষ্টাৰ ড’জ আৰম্ভ কৰাৰ কথা পৰিকল্পনা কৰা হৈছে । অৱশ্যে এই সম্পৰ্কত চৰকাৰীভাৱে স্বাস্থ্য মন্ত্রণালয়ে জনাইছে, ৬০ বছৰৰ তলৰসকলক বুষ্টাৰ বা সতর্কতামূলক ড’জ দিয়া হ’ব নে নাই তাক লৈ এতিয়াও কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই ।

Exit mobile version