MC Tod Fod : মাত্ৰ ২৪বছৰ বয়সতে প্ৰয়াত ‘গাল্লি বয়’ৰ ৰেপাৰ

বলীউডত শোকৰ ছাঁ । মাত্ৰ ২৪ বছৰ বয়সতে প্ৰয়াত বিখ্যাত ৰেপাৰ এম চি টৰফোৰ ওৰফে ধৰ্মেশ পাৰমাৰ । অৱশ্যে,তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

ADVERTISEMENT

২০১৮ চনত মুক্তি পোৱা জয়া আখটাৰৰ ‘গালি বয়’ৰ ‘ইণ্ডিয়া ৯১’ গানত ৰেপ কৰিছিল এমচিয়ে ।সেই সূত্ৰে ছবিৰ শিল্পীসকলৰ স’তে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল তেওঁৰ ।

২৪ বছৰীয়া যুৱকজনৰ অকাল মৃত্যুত দুখিত তেওঁৰ সহকৰ্মীৰ। নিজৰ ইনষ্টাগ্ৰাম স্তৰীত এমচিৰ এখন ফটো শ্বেয়াৰ কৰিলে ৰণবীৰে ।

শোকাগ্ৰস্ত সিদ্ধান্ত চতুৰ্বেদীৰো । প্ৰয়াত ৰেপাৰৰ স’তে কথোপকথনৰ এখন স্ক্ৰিনশ্বট পোষ্ট কৰিছে চতুৰ্বেদীয়ে ।এমচিক উদ্দেশ্যে কৰি তেওঁ লিখিছে,’ভালে থাকা ভাই ।’

Exit mobile version