যুদ্ধৰ মাজতে ইউক্রেইনলৈ যাব ব্রিটিছ প্রধানমন্ত্রী জনছন

123827258 971107a6 ef3b 4eee a462 2d401076961c

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত তুমুল যুঁজ অব্যাহত থকাৰ সময়তে ইউক্রেইন ভ্ৰমণৰ কাৰ্যসূচী গ্রহণ কৰিলে ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে।

সূত্ৰৰ খবৰ অনুসৰি অহা সপ্তাহত ৰাছিয়াক কঠোৰ বার্তা দিয়াৰ উদ্দেশ্যৰে যুদ্ধবিধ্বস্ত ইউক্রেইনত উপস্থিত হ’ব পাৰে ব্রিটিছ প্রধানমন্ত্রীয়ে।

ৰুছ আগ্রাসনক গৰিহণা দিবলৈ নিৰাপত্তাৰ শংকাক নেওচি জনছনে ইউক্রেইন ভ্ৰমণৰ পৰিকল্পনা প্রস্তুত কৰিছে। বি বি চিৰ বাতৰি অনুসৰি ইউক্রেইন ভ্ৰমণৰ পাছত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্রাডিমীৰ পুটিনৰ স’তে জনছনে ফোনযােগে বার্তালাপ কৰিব। উল্লেখ্য যে ৰুছ সেনাৰ স’তে যুদ্ধ কৰাৰ বাবে ইউক্রেইনৰ সেনা বাহিনীক যথেষ্ট অস্ত্র-শস্ত্ৰৰ যােগান ধৰিছে ব্রিটেইনে।

Exit mobile version