চৰম আর্থিক সংকটত শ্রীলংকা (Srilanka) । কিছুদিন আগতেই কাগজৰ নাটনিত ভাৰতৰ প্রতিবেশী দেশখনত বাতিল হৈছে স্কুলৰ পৰীক্ষা । একেদৰে ইন্ধনৰ অভাৱো হৈছে দেশখনত । অভিযোগ, পোৱা নাই কেৰাচিনো । এনে পৰিস্থিতিত ৰাজধানী কলম্ব’ৰ পেট্রল পাম্পবোৰত দেখা গৈছে দীঘলীয়া শাৰী । ইয়াৰ উপৰি সেই ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সেনা মোতায়েন কৰা হৈছে । ইপিনে, বিপন্ন পৰিস্থিতিত দেশ ত্যাগ কৰি পলায়ন কৰিবলৈ আৰম্ভ কৰিছে অসহায় লোকে । কালি ১৬ জন শৰণার্থীয়ে শ্রীলংকা ত্যাগ কৰি তামিলনাডুত আশ্রয় লৈছে ।
উল্লেখ্য, দ্বীপৰাষ্ট্রখনে বিগত সাত দশকত সৰ্ব বৃহৎ আর্থিক সংকটৰ সন্মুখীন হৈছে । বিদ্যুতৰ অভাৱত ব্লেকআউট চলিছে দেশত । ইয়াৰ উপৰি প্রতিদিনৰ প্রয়োজনৰ ৰন্ধন গেছো পোৱা নাই । এনে পৰিস্থিতিত সোমবাৰে ক্ষুব্ধ নাগৰিকৰ ভিৰে কলম্ব’ৰ মূল পথ অবৰোধ কৰে । অৱৰোধকাৰীসকলৰ বক্তব্য, ৰন্ধন গেছৰ অভাৱত তেওঁলোকে কেৰাচিন তেল সংগ্রহ কৰিব ওলাইছিল, কিন্তু সেয়াও উপলব্ধ নহয় । উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ অস্ত্রহীন সেনা মোতায়েন কৰিছে শ্ৰীলংকা চৰকাৰে ।
আনহাতে, কলম্ব’ৰ পেট্রল পাম্পবোৰ দীঘলীয়া শাৰী আছেই । গোটেই নিশা অপেক্ষা কৰিও ইন্ধন কিনাৰ চেষ্টা কৰিছে সাধাৰণ নাগৰিকে । পৰৱর্তী পৰিস্থিতিক লৈ আতংকিত নাগৰিকসকল । আৰক্ষী সূত্রে জানিব পৰা গৈছে, সম্প্রতি ইন্ধন, তেলৰ শাৰীত থিয় হৈ থকা অৱস্থাতে তিনিজন প্রবীণ ব্যক্তিৰ মৃত্যু হৈছে । সেনাৰ তৰফৰ পৰা জনোৱা হৈছে, চৰকাৰৰ নিয়ন্ত্রিত ছিলোন পেট্রলিয়াম কর্প’ৰেছনৰ পেট্রল পাম্পবোৰত সেনা মোতায়েন কৰা হৈছে । এইখন দেশৰ বৃহত্তম ইন্ধন সংস্থা । ইপিনে, নজিৰবিহীন সংকটত আজিয়ে সর্বদলীয় বৈঠকৰ আহ্বান জনাইছে শ্রীলংকাৰ ৰাষ্ট্রপতি ৰাজাপক্ষে ।
ইপিনে, ইমানদিনে যি হোৱা নাছিল এইবাৰ সেয়াও আৰম্ভ হৈছে, দেশ ত্যাগ কৰিব লৈছে মানুহে । মঙলবাৰে ১৬ জন শৰণার্থীয়ে তামিলনাডুত স্থানান্তৰ কৰে । তথ্য অনুসৰি, তেওঁলোক জাফনা আৰু মান্নাৰৰ বাসিন্দা । শৰণার্থীসকলে জনাইছে, দেশৰ পৰিস্থিতিৰ বাবে দীর্ঘদিন কর্মহীন তেওঁলোক, খাদ্যও নাই । বাধ্য হৈ দেশ ত্যাগ কৰিছে ।
প্রসংগত, প্রতিবেশী দ্বীপৰাষ্ট্রৰ এই দুৰৱস্থাত তেওঁলোকক সহায় কৰিছে ভাৰতে । শ্রীলংকাক এশ কোটি ডলাৰৰ ঋণৰ সুবিধা দিব নতুন দিল্লীয়ে । চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে এই অর্থৰ বিনিময়ত সম্প্ৰতি তেওঁলোকৰ খাদ্যভাণ্ডাৰ আৰু ঔষধৰ সৰবৰাহ পর্যাপ্ত ৰাখিব বিচাৰিছে কলম্ব’ৱে ।