Meditation Beginners Guide : নতুনকৈ মেৰিটেছন আৰম্ভ কৰিছে নেকি ? উপকাৰ পাবলৈ এই সাতটা সহজ পন্থা অৱলম্বন কৰিব পাৰে !

meditation ©Poike 1

যিকোনো শাৰীৰিক ব্যাধিৰ পৰা মুক্তি পাবলৈ অন্যতম উপকাৰী উপায় হ’ল মেৰিটেছন বা যোগভ্যাস । যোগ ব্যায়াম কৰি অনেকেই বিভিন্ন শাৰীৰিক জটিলতাৰ পৰা নিমিষতে মুক্তি পাইছে । অৱশ্যে সহজে এই যোগ ব্যায়াম বা মেৰিটেছনৰ ফল পোৱা নাযায় । মেৰিটেছন কৰাৰ ক্ষেত্রত বহু ধৰণৰ পন্থা অৱলম্বনৰ প্রয়োজন । কেৱল বিশেষ বহাৰ ভংগিৰ প্রয়োজন হয় এয়ে মেৰিটেছন নহয় । লগতে মানসিক শান্তি আৰু আধ্যাত্মিক স্থিৰতাও থকা প্রয়োজন বুলি ধাৰণা কৰা হয় ।

এঞ্জাইটিসহ একাধিক শাৰীৰিক জটিলতাৰ পৰা ত্রাণ পাবলৈ এই মেৰিটেছনৰ প্রয়োজন । অৱশ্যে আপুনি যদি শেহতীয়াকৈ মেৰিটেছন আৰম্ভ কৰিছে, তেনেহ’লে অৱশ্যেই অৱলম্বন কৰক এই সাতটা সহজ উপায় । বিশেষজ্ঞসকলে কৈছে, ইয়াৰ ফলত সহজে লাভ কৰিব মেৰিটেছনৰ প্ৰকৃত উপকাৰ ।

য’ত ত’ত যেতিয়াই তেতিয়াই মেৰিটেছন কৰিলে তাৰ লাভ পোৱা নাযায় । ঘৰৰ যিটো স্থান আটাইতকৈ নিৰিবিলি তাত বহি মেৰিটেছন কৰা প্রয়োজন ।

নির্দিষ্ট সময়

মেৰিটেছন আৰম্ভ কৰাৰ আগতে প্রথমে মনত আহিব পাৰে, যে কিমান সময় এই মেৰিটেছন কৰিলে, তাৰ সুফল পোৱা যাব ? উত্তৰ হ’ল, প্রথমে স্থিৰ কৰিব লাগিব যে কিমান সময়লৈ মেৰিটেছন কৰা উচিত । আৰম্ভণিতে পাঁচৰ পৰা ১০ মিনিট যোগাসন কৰা উচিত ।

শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি..

মেৰিটেছন কৰাৰ ক্ষেত্রত ক’ত বহি কৰা উচিত, তাক লৈ বহুতৰ মনতেই প্রশ্ন থাকিব পাৰে । বিশেষজ্ঞসকলৰ মতে, আপুনি য’ত বহি খুবেই শান্তি অনুভৱ কৰে সেই ঠাইত বহিয়ে মেৰিটেট কৰক । লক্ষ্য ৰাখিব লাগিব যে আপোনাৰ হাত, ভৰি যেন এই বহাৰ ভংগিত স্বস্তিত থাকে ।

Exit mobile version