Russia -Ukraine War: বাঢ়িছে পুটিনৰ অস্বস্তি, ইউক্ৰেন যুদ্ধত মৃত্যু ৰুছ কামাণ্ডৰ

Russian Army

চাওঁতে চাওঁতে ২৮ দিনত ভৰি দিলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ । এতিয়াও যুদ্ধ বন্ধ হোৱাৰ কোনো নাম লোৱা নাই । অবিশ্বাস্য প্ৰতিৰোধ গঢ়ি তুলিছে ইউক্ৰেইনে।

এই পৰিস্থিতিত মৃত্যু হয় ৰাছিয়াৰ অন্য এজন ৰাছিয়ান কামাণ্ড । ইয়াৰ স’তে ইউক্ৰেইন আক্ৰমণত পুটিনৰ ১৫ জন শীৰ্ষ সামৰিক নেতা নিহত হয়।

মঙলবাৰে কৰ্ণেল আলেক্সি শ্বাৰোভ নামৰ এজন সেনা কামাণ্ডৰ মৃত্যু হয়। তেওঁ পঞ্চম ৰুছ কামাণ্ড ,যি এই যুদ্ধত প্ৰাণ হেৰুৱাইছে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যুদ্ধত ইমান বোৰ কামাণ্ডৰ হেৰুওৱাটো ৰাছিয়াৰ স’তে কেতিয়াও ঘটা নাই ।

স্বাভাৱিকতে, এই যুদ্ধই ৰাছিয়াক কিমান কঠিন চেলেঞ্জৰ সন্মুখীন হৈছে সেয়া বুজাবলৈ এইটো এটা ডাঙৰ উদাহৰণ ।

Exit mobile version