“বিজেপিয়ে কোনো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰে” : হিমন্ত বিশ্ব শৰ্মা

a8352f34 269f 454a 90fd 5deaae4f3282

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাতগাঁৱৰ মৌজাদাৰ গাঁৱত পশ্চিম কাৰ্বি আংলং বিজেপি কৰ্মী সভাত ভাষণ প্ৰসংগত কয় ,”বিজেপিয়ে কোনো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নকৰে। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য অথবা সংসদৰ কোনো ঘনিষ্ঠ লোক অথবা পৰিয়ালৰ সদস্যই আগন্তুক কাৰ্বি পৰিষদৰ নিৰ্বাচনত বিজেপিৰ পৰা টিকট বিচাৰিলে নাপাব। “

যিজনে সমৰ্পিতভাৱে পাৰ্টিৰ বাবে কাম কৰে আৰু সকলো সম্প্ৰদায়ৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে তেওঁ নিশ্চিতভাৱে টিকট লাভ কৰিব বুলি মত প্ৰকাশ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

যদিও আমি আগন্তুক মে মাহত অনুষ্ঠিত হবলগীয়া কাৰ্বি পৰিষদৰ নিৰ্বাচনত ২৬ টা সমষ্টিৰ ভিতৰত ২৬ টাতে আমি জয়ী হ’ম, সৰল জয়ীয়ে মোক সন্তুষ্ট কৰিব নোৱাৰে, আপোনালোকে বৃহৎ বৃহৎ ব্যৱধানেৰে জয়ী হোৱাটোহে মই প্ৰকৃততে বিচাৰোঁ আৰু ইয়েই মোক সন্তুষ্টি প্ৰদান কৰিব বুলি প্ৰকাশ কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সভাৰ এনেবোৰ গুৰুত্বপূৰ্ণ ভাষণৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাতিপুৱা অটল বিহাৰী বাজপেয়ী ভৱন নামাকৰণেৰে পশ্চিম কাৰ্বি আংলঙৰ সতগাঁৱৰ মৌজাদাৰ গাঁৱত নিৰ্মাণ কৰা পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ তিনিমহলীয়া কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে।

উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় পাৰ্টি অফিচ হৈছে আমাৰ বাবে এটা মন্দিৰ, সকলো দলৰ বিষয় আলোচনা কৰাৰ বাবে এই মন্দিৰৰ প্ৰয়োজন। দলীয় আলোচনা ঘৰত কৰা নহয়, কাৰ্যালয়তহে কৰা হয়। লগতে উদ্বোধন কৰা কাৰ্যালয়ত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, বিধায়ক অথবা সাংসদ, নেতা কৰ্মী সকলোকে সময়ে সময়ে আহিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিপৰীতে অসম প্ৰদেশ বিজেপি সভাপতি ভবেশ কলিতা, সাধাৰণ সম্পাদক ফনিন্দ্ৰনাথ শৰ্মা, অসম বিধান সভাৰ উপাধ্যক্ষ ড০ নুমল মমিন, কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সভাপতি ৰদীপ ৰংহাং, কাৰ্যবাহী সদস্যসকল আৰু বহু সংখ্যক দলীয় নেতা কৰ্মী উপস্থিত থাকে।

Exit mobile version