বৰ্ষত এজন সাংবাদিকক ধমক দিয়া আৰু অপদস্থ কৰাৰ অভিযােগত মুম্বাইৰ এখন স্থানীয় আদালতে বলিউডৰ মহাতাৰকা অভিনেতা ছলমান খান আৰু তেওঁৰ দেহৰক্ষক নৱাজ শেখলৈ চমন জাৰি কৰিলে।
ADVERTISEMENT
মহানগৰ দণ্ডাধীশ আৰ আৰ খানে এক নির্দেশনাত উল্লেখ কৰা অনুসৰি আৰক্ষীয়ে অভিযােগনামাত ছলমান আৰু নৱাজৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৪ আৰু ৫০৬ ধাৰাত গােচৰ ৰুজু কৰিছে।
অহা পাঁচ এপ্রিলত ছলমান আৰু নৱাজক দণ্ডাধীশৰ আদালতত হাজিৰ হ’বলৈকো আদালতে নির্দেশ দিছে। উল্লেখ্য যে সাংবাদিক অশােক পাণ্ডেয়ে উত্থাপন কৰা অভিযােগ অনুসৰি, ছলমানে মুম্বাইৰ ৰাজপথত চাইকেল চলােৱাৰ সময়ত তেওঁৰ ম’বাইল ফোন কাঢ়ি লৈছিল।
অভিনেতাজনে তেওঁৰ স’তে কাজিয়া কৰা আৰু ধমক দিয়াৰ অভিযােগাে পাণ্ডেয়ে উত্থাপন কৰিছিল।