স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে এইসকল কাৰাবন্দীক চৰকাৰে দিব মুক্তি

Independence day

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে । নৰেন্দ্ৰ মোদীৰ চৰকাৰে ‘আজাদী কী অমৃত মহোৎসৱ’ৰ অংগ হিচাপে কিছু নিৰ্দিষ্ট কাৰাবন্দীক মুক্তি দিয়াৰ সিদ্ধান্ত ল’লে । তিনিটা পৰ্যায়ত কয়দীক মুক্তি দিয়া হ’ব ।

১৫ আগষ্ট, ২৬ জানুৱাৰী আৰু ২০২৩ৰ ১৫ আগষ্টত মুঠ তিনিটা পৰ্যায়ত কাৰাবন্দীসকলক চৰকাৰে মুক্তি দিব । অৱশ্যে কাৰাগাৰত থকাৰ সময়ত বন্দীসকলে কেনে ধৰণৰ শৃংখলিত জীৱন যাপন কৰিছে, কিমান সুআচৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিহে মুক্তিৰ বাবে কয়দীক বিবেচনা কৰা হ’ব । ঘৃণনীয় অপৰাধ সংঘটিত কৰা বন্দীক মুক্তি দিয়া নহ’ব ।

৫০ বছৰ বা ততোধিক বয়সীয়া তথা ৫০ শতাংশ শাস্তি ভোগ কৰা মহিলা কয়দী, ৫০ শতাংশ শাস্তি ভোগ কৰা ৬০ ঊৰ্ধ্বৰ পুৰুষ বন্দী, ৫০ শতাংশ শাস্তি ভোগ কৰা ১৮-২১ বছৰ বয়সত অপৰাধ কৰা কয়দীক চৰকাৰে মুক্তি দিব ।

Exit mobile version