Russia Ukraine War : যুদ্ধ যেন ইউক্রেইনতেই সীমাবদ্ধ থাকে : নেটো

e5de8e1cfa54e45f309cdfbee93a28e3

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ অন্যতম কাৰণ, নেটোত যোগ দিয়াক লৈ কিভৰ আগ্রহ প্রকাশ । দেওবাৰে তেওঁলোকে সেই আবেদন জনাইছে, যুদ্ধ চলাকালীনো । কিন্তু আমেৰিকাসহ ইউৰোপৰ দেশসমূহে ইউক্রেইনৰ প্রস্তাৱ প্রত্যাখ্যান কৰিছে । মুখত মস্কোৰ কটাক্ষ কৰিলেও স্পষ্ট কৰিছে, ৰাছিয়াৰ বিৰোধিতা কৰি ইমান বৃহৎ পদক্ষেপ ল’বলৈ তেওঁলোক প্ৰস্তুত নহয় । আজি পুনৰ সেই কথা জনালে নেটোৱে । তেওঁলোকে আগতেই জনাইছিল, ইউক্রেইনৰ যুদ্ধত তেওঁলোক প্ৰত্যক্ষভাৱে যুঁজ নিদিয়ে । কিন্তু ইউক্রেইন সীমান্ত পাৰ হৈ এই যুদ্ধ যাতে ইউৰোপৰ অন্যত্র বিয়পি নপৰে, যাতে ইউক্রেইনতেই সীমাবদ্ধ থাকে, সেই কথা নিশ্চিত কৰিব বুলি জনালে নেটোৱে । কালি হয়তো নেটোৰ বৈঠক বহিব । তাৰ আগতে আজি এই বার্তা দিলে নেটোৰ ছেক্রেটাৰী জেনেৰেল জেন্স ষ্টোলেনবার্গে ।

বৈঠকত যোগ দিবলৈ ৱাশ্বিংটনৰ পৰা বেলজিয়ামৰ ৰাজধানী ব্রাছেলছক উদ্দেশ্যি ৰাওনা হৈছে আমেৰিকান ৰাষ্ট্ৰপতি জ’ বাইডেন । নেটোৰ বৈঠকৰ পাছত জি৭-ৰ আলোচনাতো তেওঁ যোগ দিব । পোলেণ্ডৰ ৰাজধানী ৱাৰছতত গৈ ইউক্রেইন সন্দৰ্ভত বৈঠক কৰাৰ পৰিকল্পনাও আছে বাইডেনৰ । তেওঁ জনাইছে, যুদ্ধক্ষেত্রত অর্থাৎ ইউক্রেইনত ভৰি নিদিয়ে । ইউক্রেইনক নেটোত অন্তর্ভুক্ত কৰাৰ জল্পনাও সম্পূর্ণ নস্যাৎ কৰিছে বাইডেনে । কিন্তু ৰাছিয়াই যেন ইউক্রেইনৰ পৰা আগবাঢ়িব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ তেঁৱো । আজি সাংবাদিক বৈঠকত এই কথাৰেই প্রতিফলন দেখা গৈছে ষ্টোলেনবার্গৰ মুখত । তেওঁ কয়, ‘‘যথা সম্ভৱ ইউক্রেইনক সহায় কৰিম আমি । কিন্তু নেটোৰ দায়িত্ব হ’ল এইটো লক্ষ্য ৰখা, ইউক্রেইনৰ বাহিৰত যুদ্ধ যাতে আৰু বৃহৎ ৰূপ নলয় ।’’

বৈঠকৰ আগতেই নেটো জোঁটৰ পৰৱর্তী সিদ্ধান্তৰ কিছু আভাস পোৱা গৈছে । ইউক্রেইনৰ চুবুৰীয়া দেশ শ্ল’ভাকিয়া, হাংগেৰী, বুলগেৰিয়া আৰু ৰোমানিয়াত তেওঁলোকৰ নতুন সেনা দল তৈয়াৰ কৰা হ’ব । ষ্টোলেনবার্গে জনাইছে, বর্তমান এই দেশসমূহত নেটোৰ যি বাহিনী আছে, তাৰ দ্বিগুণ সংখ্যক সেনা বাহাল কৰা হ’ব । অর্থাৎ ইউক্রেইনৰ আশপাশৰ দেশসমূহত খুঁটি মজবুত কৰিব বিচাৰিছে নেটোৱে । চুবুৰীয়া দেশ পোলেণ্ডো নেটোৰ সদস্য । বাকী দেশসমূহতো শক্তপোক্ত ‘মেৰ’ বান্ধিব বিচাৰিছে তেওঁলোকে ।

ষ্টোলেনবার্গে আৰু কয়, ‘‘ৰাছিয়াক উদ্দেশ্যি আমাৰ স্পষ্ট বার্তা— পৰমাণু যুদ্ধ হ’লে তাতে জয় অসম্ভৱ আৰু এই যুদ্ধ নকৰাই উচিত ।’’ নেটোৰ বার্তা প্ৰত্যাখ্যান কৰি ক্রেমলিনৰ উত্তৰ, ‘অস্তিত্ব-সংকট’ হ’লে ৰাছিয়াই অৱশ্যেই পৰমাণু-অস্ত্র ব্যৱহাৰ কৰিব ।

কালি ৰাছিয়াৰ বাহিনী প্ৰৱেশ কৰিছে মাৰিয়োপ’লত। যুদ্ধত সৰ্বাধিক ক্ষতিগ্রস্ত এই বন্দৰ-চহৰ । বিগত তিনি-চাৰি সপ্তাহ ধৰি মাৰিয়োপ’ল দখল কৰিবলৈ অধীৰ মস্কো । আকাশপথ আৰু সমুদ্রপথত একেৰাহে আক্ৰমণ চলাইছে ৰাছিয়াই । কালি প্রথম এই চহৰত প্ৰৱেশ কৰিছে তেওঁলোকৰ বাহিনী । খবৰ লাভ কৰি বৈঠকত মিলিত হয় ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কি । এটা ভিডিঅ’-বার্তাত মস্কোক উদ্দেশ্যি তেওঁ কয়, ‘‘আৰু একো বাকী নাই । চাৰিওফালে কেৱল ধ্বংসস্তূপ । মাৰিয়োপ’লৰ পৰা প্ৰায় এক লাখ লোকক উদ্ধাৰ কৰিব দিয়া হ‌ওক ।’’ তেওঁৰ কথাৰ মাজতেই খবৰ আহে— মাৰিয়োপ’লত দুটা অতি শক্তিশালী বোমা নিক্ষেপ কৰিছে ৰাছিয়াই । কালি ৰাতিৰ ঘটনা । ইয়াৰ পাছত কে’বা ঘণ্টা পাৰ হৈছে । এতিয়াও জানিব পৰা নাই হতাহতৰ সংখ্যা ।

ৰাছিয়াৰ শক্তিপ্রদর্শন আজিও অব্যাহত । কিয়েভৰ বক্তব্য, ৰুছ আক্ৰমণৰ পৰা স্পষ্ট, ‘দখলদাৰসকলে’ মাৰিয়োপ’লক লৈ আগ্রহী নহয়, তেওঁলোক মাটিত মিলাই দিব বিচাৰে চহৰখনক, জ্বলাই ছাই কৰি দিব বিচাৰে । দেশৰ অন্যত্রও আক্ৰমণ চলিছে । ইউক্রেইনে দাবী কৰিছে, চের্নোবিলৰ পৰমাণু শক্তি কেন্দ্রৰ এটা গৱেষণাগাৰ ধ্বংস হৈছে ৰুছ আক্ৰমণত । গৱেষণাগাৰটোত তেজস্ক্রিয় বর্জ্য পৰিশোধনৰ কাম কৰা হৈছিল । ইয়াৰ উপৰি বহু বিপজ্জনক পদার্থ আছিল এই কেন্দ্রত । সকলোখিনি এতিয়া ‘শত্রু’ৰ হাতত । ছুমিও সম্পূর্ণ ঘেৰাও কৰিছে ৰুছ বাহিনীয়ে ।

চহৰৰ কাউন্সিলৰ এণ্ড্ৰি বাৰানোভে কয়, ‘‘আমাৰ চহৰ প্রায় ঘেৰাও কৰিছে শত্রুৱে । এতিয়া প’লটোভাৰে ওলোৱাৰ এটা পথ আছে । মহিলা আৰু শিশুসকলক এই পথেৰে ওলিয়াই দিয়া হৈছে । চিকিৎসা সামগ্রী অনা হৈছে সেই পথেৰেই ।’’ বাৰানোভে আৰু জনাইছে, তেওঁৰ শংকা, আৰু বেছি দিন ৰক্ষা কৰিব পৰা নাযাব ছুমিক ।

কেৱল ইউক্রেইনে নহয়, সমগ্ৰ ইউৰোপেই ক্রমশ জোৰদাৰ হৈছে এই আতংকত । হয়তো বেছি দিন নাই, সম্পূৰ্ণ দেশখনেই দখল কৰিব মস্কোৱে । সেই শংকাৰ বাবেই নেটোৰ প্রস্তুতি । সৰ্বাধিক আতংকিত পোলেণ্ড । ইউক্রেইনৰ গাতে লাগি থকা নেটোৰ এই সদস্য দেশে ৰুছ হুমকিক গুৰুত্ব নিদি সহায় কৰি আহিছে ইউক্রেইনক । পৰিৱর্তে পুতিনে কি কৰিব, তাক লৈ ত্রাসৰ সৃষ্টি হৈছে । অনেকৰেই মত, ইউক্রেইন দখল কৰি স্তব্ধ নহয় ৰাছিয়া । সেই ক্ষেত্রত প্রায় ৰুছ কামানৰ সন্মুখত আছে পোলেণ্ড ।

তথ্য অনুসৰি, ইতিমধ্যে পোলেণ্ডৰ প্রতিৰক্ষা বাহিনীত ব্যাপকভাৱে সেনা নিয়োগ আৰম্ভ হৈছে । ২৬ বছৰীয়া পেট্রিছিয়াই দেশৰক্ষাৰ কামত যোগ দিব বিচাৰে । প্রাক্তন সেনাকর্মী পাৱেল কিয়েনস্কিয়ে নতুনকৈ বাহিনীত যোগ দিছে । এনে কিয়েনস্কিৰ সংখ্যা কম নহয় । সেনাবাহিনীত যোগ দিয়াৰ ঢল সাত গুণ বাঢ়িছে । আৰক্ষী সেনাপ্ৰধান মাৰ্ছিন ছিদজিনস্কিয়ে জনাইছে, প্রতিদিনে সেনাত যোগ দিবলৈ ইচ্ছুক শতাধিক প্রার্থীয়ে আবেদন জমা কৰিছে ।

এই শংকা খুব অমূলক নহয় । ইউক্রেইনত শান্তি প্রতিষ্ঠাৰ বার্তা লৈ ৰাছিয়াক বিশেষ অভিযান আৰম্ভ কৰাৰ প্রস্তাৱ দিছিল নেটোৰ সদস্য পোলেণ্ডে । সেয়া সমূলি খাৰিজ কৰি আজি ৰুছ বৈদেশিক মন্ত্রী ছের্গেই লাভৰভে কয়, ‘‘এইবোৰ অসম্ভৱ । ইয়াৰ ফলত ৰাছিয়া আৰু নেটো বাহিনীৰ মুখামুখি সংঘর্ষ হ’ব । সকলোৱে এই পৰিস্থিতিৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিছে । হ’লে পৰিণতি ভাল নহ’ব ।’’

Exit mobile version