South Korea : দক্ষিণ কোৰিয়াত এদিনত কৰ’না আক্রান্ত পাঁচ লাখ !

9aefae477e584f74ab4b1d9f2ab67b5b

দক্ষিণ কোৰিয়াত পুনৰ বৃদ্ধি পাইছে সংক্রমণ । বুধবাৰে ‘দ্য কোৰিয়া ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনছন এজেন্সি’ (কেডিচিএ)-ৰ প্রকাশিত পৰিসংখ্যা অনুসৰি । আজি প্রকাশিত বিগত ২৪ ঘণ্টাৰ সেই প্ৰতিবেদন অনুযায়ী নতুনকৈ সংক্রমিত পাঁচ লাখ !

বর্তমান দেশখনৰ সংক্রমণ-পৰিস্থিতি বেচ গুৰুতৰ । বিশেষজ্ঞসকলে জনাইছে, দক্ষিণ কোৰিয়াত গড়ে পাঁচ জনৰ ভিতৰত এজন সংক্রমিত । ক’ভিড আক্রান্ত হৈ হাস্পাতালত ভর্তিৰ সংখ্যাও উত্তৰোত্তৰ বাঢ়িছে । বিগত ১৫ দিনত হেজাৰৰ তলত নমা নাই বুলি জনাইছে সংশ্লিষ্ট কর্তৃপক্ষই । বাঢ়িছে মৃত্যুও । মঙলবাৰে প্রাণ হেৰুৱাইছে ২৯১ জন সংক্রমিতে । সুস্থভাৱে সৎকাৰ কর্ম চলাই যাবলৈ দেশজুৰি প্রায় ৬০টা শ্মশানক নির্ধাৰিত সময়তকৈ অধিক সময় খোলা ৰখাৰ নির্দেশ দিছে প্রশাসনে ।

হঠাৎ এই সংক্রমণ বৃদ্ধিত মূলত অ’মিক্রনৰ নতুন ছাব-ভেৰিয়েন্ট ‘ষ্টেলথ’ দায়ী । ইতিমধ্যে দক্ষিণ কোৰিয়াত মুঠ জনসংখ্যাৰ ২০ শতাংশ সংক্রমিত হৈছে । সংক্রমিত হৈ কিংবা সংক্রমিতৰ সংস্পর্শত আহি নিভৃতবাসত আছে কমেও ১,৮০০,০০০ জন ।

প্রসংগত, দেশখনৰ মুঠ জনসংখ্যাৰ ৮৬.৬ শতাংশই প্রতিষেধকৰ দুটা ড’জ লাভ কৰিছে । বুষ্টাৰো লাভ কৰিছে ৬৩.২ শতাংশ‌ই । তৎসত্ত্বেও সংক্রমণ পৰিস্থিতি গুৰুতৰ হোৱাত উদ্বেগ বাঢ়িছে বিশেষজ্ঞসকলৰ ।

যদিও দক্ষিণ কোৰিয়াৰ পৰিস্থিতিক বিচ্ছিন্ন কৰি নোচোৱাৰ আবেদন জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই (হু) । সংস্থাৰ পৰামর্শ, বিধি শিথিল নকৰাই বুদ্ধিমত্তাৰ কাম হ’ব বিশ্বৰ বাবে । তেওঁলোকে জনাইছে, ইতিমধ্যে পৰীক্ষণৰ পৰিমাণ কম কৰিছে বহু দেশে । বর্তমান অৱস্থাৰ নিৰিখত যি সম্পূৰ্ণ বন্ধ কৰাৰ বিষয়ত প্ৰশ্ন কৰিছে তেওঁলোকে ।

কাৰণ পৰীক্ষণ কম হোৱাত বহু লোকৰ সংক্রমণ ধৰা পৰা নাই । সেয়ে হয়তো সহজে সংক্ৰমণ হৈছে । লগতে নতুনকৈ সংক্রমিতসকলৰ সংখ্যা বিশেষভাৱে বিশ্লেষণ কৰি চলাৰেই পৰামর্শ দিছে হু-ৱে । সংস্থা সূত্রে খবৰ, চীন আৰু দক্ষিণ কোৰিয়াৰ দৰে এশীয় দেশসমূহৰ লগতে ফ্রান্স, ইটালী, ব্রিটেইন আৰু জার্মানীৰ দৰে ইউৰোপীয় দেশসমূহতো দৃষ্টিত পৰিছে সংক্রমণ বৃদ্ধি ।

চীনৰ বিভিন্ন চহৰৰ দৰে চাংহাই চহৰতো বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা । উপসর্গযুক্তৰ লগতে উপসর্গহীন ক’ভিড পজিটিভৰ সংখ্যাও বাঢ়িছে । দৈনিক আক্রান্ত এহেজাৰ অতিক্ৰম কৰাত উৰাবাতৰি উলাইছিল যে অন্যান্য চহৰৰ দৰে চাংহাইতো কঠোৰ তলাবন্ধ বিধি জাৰি কৰা হৈছে । কিন্তু বুধবাৰে সেই কথা উৰাবাতৰি বুলি জনাইছে প্রশাসনে ।

ইপিনে, ছয় বছৰৰ তলৰ শিশুসকলৰ বাবে তেওঁলোকে প্ৰস্তুত কৰা টিকাৰ অন্তর্বতী পৰীক্ষাৰ ফলাফল প্রকাশ কৰিলে টিকা প্রস্তুতকাৰক সংস্থা মডার্নাই । প্ৰতিবেদনত তেওঁলোকৰ দাবী, পৰীক্ষাত উত্থাপিত হৈছে শিশুসকলৰ শৰীৰত কৰ’নাৰ বিৰুদ্ধে এন্টিবডী তৈয়াৰ কৰাৰ ক্ষেত্রত বিশেষ উপযোগিতা দেখুৱাইছে প্ৰতিষেধকটোৱে । সেয়া নিৰাপদো প্রমাণিত হৈছে । ২৮ দিনৰ ব্যৱধানত টিকাটোৰ দুটা ড’জ দিয়াৰ নিয়ম বুলি সংশ্লিষ্ট সূত্রৰ খবৰ । কৰ’না আক্রান্ত হিলাৰী ক্লিন্টন । আমেৰিকাৰ প্রাক্তন বৈদেশিক সচিব, ৰাজনীতিক আৰু প্রাক্তন ৰাষ্ট্ৰপতি বিল ক্লিন্টনৰ পত্নী, ৭৪ বৰ্ষীয় হিলাৰীয়ে মঙলবাৰে নিজৰ সংক্রমিত হোৱাৰ খবৰ টুইট কৰি লিখে, ‘‘সামান্য উপসর্গ আছে ।’’

Exit mobile version