★দুশ্চিন্তা মুক্ত জীৱন-যাপন কৰিলে অতিৰিক্ত মানসিক হেঁচাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি। যিমানেই মানসিক অস্থিৰতাৰ হেতুকে কোনাে কামেই স্বাভাৱিকভাৱে কৰিব নােৱাৰি। যেতিয়া সময়ত শেষ কৰিবলগীয়া কামখিনি সময়মতে কৰিব নােৱাৰে তেতিয়া চাপ বৃদ্ধি পায়। এনেদৰে সদায় অতিৰিক্তভাৱে কামৰ হেঁচা লবলগীয়া হ’লে ৰক্তচাপ বৃদ্ধি পাব। উচ্চ ৰক্তচাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে প্ৰথমতে দুশ্চিন্তাবােৰৰ পৰা মুক্ত হ’বই লাগিব। অৱশ্যে এইখিনিতে উল্লেখ কৰিব খুজিছাে যে দৈনন্দিন জীৱন-যাপনত কোনাে ব্যক্তিয়ে নিজকে সম্পূর্ণৰূপে চাপমুক্ত কৰি ৰখাটো সম্ভৱ নহয়। সেই বাবে অতিৰিক্ত চাপৰ বােজাহে পাতলােৱাৰ ওপৰতহে গুৰুত্ব প্রদান কৰা উচিত।
★ অতিৰিক্ত চাপৰ পৰা মুক্তি লাভ কৰিবলৈ প্রত্যেকে এখন দৈনন্দিন কর্ম তালিকা প্রস্তুত কৰিব লাগে। যিবােৰ কাম খুব জৰুৰী সেইবােৰ প্ৰথমতে সম্পাদন কৰাৰ বাবে চেষ্টা কৰা উচিত।
★ দিনটোৰ সকলাে সময়তে কাম কৰি থাকিলেও এনে সমস্যাৰ পৰা হাত সাৰিবলৈ নির্দিষ্ট সময়ৰ অন্তৰত জিৰণি লােৱাটো অতিকৈ গুৰুত্বপূর্ণ বিষয়। নির্দিষ্ট সময়ৰ অন্তৰালত জিৰণি গ্রহণ কৰিলে শৰীৰৰ অংগ-প্রত্যংগসমূহে আৰাম অনুভৱ কৰে আৰু সতেজ হ’বলৈ সুযােগ
পায়।
★নির্দিষ্ট সময়ত টোপনি যােৱা আৰু সময়মতে বিছনাৰ পৰা উঠি অহাৰ স’তেও স্বাস্থ্য ৰক্ষা বিষয়টো জড়িত হৈ থাকে। যদিহে টোপনি ভাল নহয় তেতিয়া স্নায়ুতন্ত্রই স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নােৱাৰে। আমাৰ সকলােবােৰ কার্য নিয়ন্ত্রিত হয়।
★শৈশৱৰে পৰা ব্যায়াম কৰাৰ অভ্যাস গঢ়িব লাগে। কাৰণ নিয়মীয়াকৈ ব্যায়াম কৰিলে শৰীৰৰ অংগ-প্রত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব পাৰে।
★সদায় নির্দিষ্ট দূৰত্ব খােজ কাঢ়িব লাগে। নিয়মীয়াকৈ খােজ কাঢ়িলে তেজ চলাচল সঠিক হৈ থাকে। খােজ কাঢ়িলে যে কেৱল তেজ চলাচলে স্বাভাৱিকভাৱে হৈ থাকে তেনে নহয়; ডায়েবেটিছ ৰােগ আদিও নিয়ন্ত্রণত থাকে।