কাজলগাঁৱত এবিএমছুৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট

চিৰাঙৰ কাজলগাঁৱত এবিএমছুৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট । সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত বিভিন্ন দাবীৰ সমৰ্থনত তিনি ঘন্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চিৰাং জিলা সদৰ কাজলগাঁৱত ।

এবিএমছুৰ দাবীসমূহ ক্ৰমে বি.টি.আৰৰ প্ৰতিটো ভূমিহীন আৰু ভূমি পট্টাহীন পৰিয়ালক ভূমি আৰু ভূমিপট্টা প্ৰদান কৰা হওক । বিদেশী ন্যায়াধীকৰণ, সীমান্ত আৰক্ষীৰ দ্বাৰা আৰু ‘ডি’ ভোটাৰৰ নামত প্রকৃত ভাৰতীয় নাগৰিকৰ ওপৰত চলা অন্যায় বন্ধ কৰা হওক । বি.টি.আৰত বিগত সময়ছোৱাত সংঘটিত বিভিন্ন নৃগোষ্ঠীয় সংঘর্ষ, উগ্রপন্থীৰ আক্রমণ তথা বিভিন্ন ৰক্তপাতজনিত ঘটনাত ক্ষতিগ্রস্ত সংখ্যালঘু পৰিয়াল শসমূহক সম্পূর্ণ পুনঃসংস্থাপন আৰু সম্পূর্ণ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা ।

চূড়ান্ত এন.আৰ.চিত নাম অন্তর্ভুক্ত আবেদনকাৰীসকলক ৰাষ্ট্ৰীয় পৰিচয়পত্ৰ আৰু নাম বাদ পৰা আবেদনকাৰীসকলৰ বাবে আপীলৰ প্ৰক্ৰিয়া আৰম্ভ কৰা । ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু বি.টি.চিৰ টেট উত্তীর্ণ প্রার্থীসকলক শীঘ্ৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা । বি.টি.চিত শীঘ্ৰেই সংখ্যালঘু উন্নয়ন ব’ৰ্ড গঠন কৰা । এইসমূহ দাবীৰ সমৰ্থনত দিনৰ ১১ বজাৰ পৰা তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

ধৰ্মঘট কাৰ্যসূচীত এবিএমছুৰ চিৰাং জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্ৰাফুল হুচেইন, সাধাৰণ সম্পাদক টাইচন হুচেইনসহ কেন্দ্ৰীয় সমিতিৰ কে’বাজনো সদস্যই অংশগ্ৰহণ কৰে ।

Exit mobile version