Cancer Risk : কৃত্রিম মিঠা খেলে হ’ব পাৰে কৰ্কট ৰোগ, দাবী গৱেষকৰ

326386 2200 1200x628 1

চেনি এৰিবলৈ বহুতেই খাদ্যত কৃত্রিম মিঠা দ্রব্য ব্যৱহাৰ কৰে । ওজন কমাবৰ বাবে যিসকলে চেনি খোৱা এৰিব বিচাৰে তেওঁলোকৰ বাবে এই ধৰণৰ পদার্থ বেচ উপযোগী বলি কোৱা হয় । অৱশ্যে আধুনিক গৱেষণা মতে, এই ধৰণৰ কৃত্রিম মিঠা উপাদানে কৰ্কট ৰোগৰ শংকা বৃদ্ধি কৰা । এই দাবী কৰা হৈছে এটা আন্তর্জাতিক বিজ্ঞান পত্রিকাত প্রকাশিত গৱেষণাপত্রত ।

২০০৯ৰ পৰা চলা এই গৱেষণাত ১,০২,৮৬৫ জন ফৰাচী নাগৰিকে এই গৱেষণাত অংশ লৈছিল । এই গৱেষণা নেচনেল এপিদেমিঅ’লজি ৰিচাৰ্ছ টিম নামক এটা সংস্থাই চলাইছে । এই গৱেষণাত অংশগ্রহণকাৰী লোকৰ লিংগ, ২৪ ঘণ্টা তেওঁলোকে কি খায় ইত্যাদি বিষয়ৰ লগতে তেওঁলোকৰ জীৱনযাত্রা আৰু অতীতৰ ৰোগৰ ইতিহাসৰ দৰে বিষয়সমূহ পৰ্যবেক্ষণ কৰে গৱেষকসকলে ।

গৱেষকসকলৰ বক্তব্য, কৃত্রিম মিঠা পদার্থত ‘এছপাৰটেম’ আৰু ‘এছেচালফেম-কে’ নামক উপাদান ব্যৱহাৰ কৰা হয় । এই উপাদানসমূহৰ ব্যৱহাৰে কৰ্কট ৰোগৰ আশংকা বহুগুণে বৃদ্ধি কৰে বুলি দাবী গৱেষকসকলৰ । স্তন কেঞ্চাৰৰ শংকাই সৰ্বাধিক আৰু স্থূলতা সম্পর্কিত বিভিন্ন কৰ্কট ৰোগৰ শংকা বৃদ্ধি পায় । অৱশ্যে, এতিয়াও আৰু গৱেষণাৰ প্রয়োজন থাকিলেও এই গৱেষণাই বিভিন্ন খাদ্যদ্রব্যত কৃত্রিম মিঠা ব্যৱহাৰৰ ওপৰত প্রশ্ন উত্থাপন কৰিছে বুলি মত একাংশ বিশেষজ্ঞৰ ।

Exit mobile version