Covid Caller Tune : কৰ’না সংক্ৰমণ নিম্নগামী, বন্ধ হ’ব ক’ভিড সতৰ্কতামূলক কলাৰ টিউন

1088644 phone call4565

দেশজুৰি বিগত দুবছৰ ধৰি ফোন কৰিলেই সকলোৰে কাণত ভাঁহি আহে ক’ভিড কলাৰটিউন । ৩০ ছেকেণ্ডৰ এই বাৰ্তাটোত আছে কৰ’না ভাইৰাছৰ পৰা কেনেদৰে সাৱধানতা অৱলম্বন কৰিব । সুৰক্ষিত থাকিব লাগিব ।

২০২০ চনত প্ৰথম এই কলাৰটিউনৰ নেপথ্যত কণ্ঠ আছিল জেছলীন ভল্লা নামৰ এজন কণ্ঠশিল্পীৰ। তাৰ পাছত, ফোন কৰিলে ক’ভিড সতৰ্কবাণী শুনা যায় অমিতাভ বচ্চনৰ কণ্ঠত । সেই সময়ত এই ক’ভিড সজাগতা বাৰ্তাৰ বিষয়ে কেবাটাও অভিযোগ উত্থাপন হয় । জৰুৰীকালীন ফোন কলৰ সময়ত বাৰ্তাটো শুনি অপ্ৰয়োজনীয় সময় অপচয় কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে বহুতে ।

২০২১ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে, ইয়াক লৈ জনস্বাৰ্থ গোচৰত দাখিল কৰা হয় দিল্লী উচ্চ ন্যায়ালয়ত । তাৰ পাছত, সেই বছৰৰ জুলাই মাহতে ক’ভিডত আক্ৰান্ত হয় অমিতাভ বচ্চন ।

দেশৰ লোকসকলক ক’ভিডৰ বিষয়ে সতৰ্ক কৰি শেষত নিজৰে ক’ভিড পজিটিভ হোৱাত সমালোচনাৰ সন্মূখীনো হৈছিল অভিনেতাজন ।

এই বছৰৰ আৰম্ভণিতে পৃথিৱীৰ বেছিভাগ দেশত কৰ’না সংক্ৰমণৰ গ্ৰাফ একেৰাহে পাঁচ সপ্তাহৰ বাবে হ্ৰাস পাইছিল। বৰ্তমান দেশত দৈনিক কৰ’না সংক্ৰমণৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে।

এই পৰিস্থিতিত, স্বাস্থ্য মন্ত্ৰালয়ৰ সিদ্ধান্ত অনুসৰি বন্ধ হ’ব পাৰে ক’ভিড কলাৰটিউন । সমগ্ৰ দেশতে সংক্ৰমণ হাৰ নিম্নগামী হোৱাত স্বাস্থ্যমন্ত্ৰকৰ তৰফৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে বুলি অনুমান কৰা হৈছে ।

Exit mobile version