Petrol Price Hike : সাত দিনত ছবাৰ ! পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

petrol diesel fuel price hike rate 1648430567159 1648430567335

সপ্তাহৰ প্রথম দিনটোতে পুনৰ বৃদ্ধি পালে ইন্ধনৰ দাম । সাত দিনত ষষ্ঠবাৰ । সোমবাৰে পেট্রলৰ দৰ প্রতি লিটাৰত ৩০ প‌ইচা আৰু ডিজেলৰ দৰ ৩৫ প‌ইচা বাঢ়িছে । ইয়াৰ ফলত ৰাজধানী দিল্লীত পেট্রলৰ দৰ হ’ল ৯৯.৪১ আৰু ডিজেল ৯০.৭৭ টকা ।

বিগত বৰ্ষৰ নৱেম্বৰৰ চাৰি তাৰিখৰ পৰা তেলৰ দামৰ বৃদ্ধি ৰোধ হৈ আছিল । কিন্তু ২২ মার্চৰ পৰা পুনৰ ইন্ধনৰ দাম বাঢ়িবলৈ লৈছে । ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ ফলতে এই মূল্যবৃদ্ধি বুলি কোৱা হৈছে ।

ইউক্রেইনত ৰাছিয়াই আক্রমণ কৰাৰ পাছতেই বিশ্ব বজাৰত অশোধিত তেল বেৰেল ১৩৯ ডলাৰত (১০,৬০৭.১০ টকা) হৈছিল । পাছত অৱশ্যে কমে । কিন্তু এতিয়াও এই মূল্য যথেষ্ট ওপৰত আছে । ১২০ ডলাৰৰ (৯,১৫৭.০৬ টকা) আশে-পাশেই আছে । ভাৰতে প্রয়োজনীয় ৮৫ শতাংশ তেলেই আমদানি কৰিবলগীয়া হয় । ফলত বর্ধিত দামে এই দেশৰ ব্যয় বঢ়াইছে । যিটো তেল সংস্থাসমূহৰ সমস্যাৰ কাৰণ ।

বিৰোধীসকলৰ দাবী, উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যৰ নির্বাচনৰ বাবে স্তব্ধ হৈ আছিল তেলৰ দাম বৃদ্ধি । নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতেই পুনৰ দাম বাঢ়িব লৈছে । ইয়াৰ প্রতিবাদত বিৰোধীসকলে নানা কাৰ্যসূচী লৈছে ।

ৰাছিয়াৰ পৰা সস্তাত তেল কিনা আৰম্ভ কৰিছে ভাৰতে । কিন্তু সেয়াই দেশৰ প্রয়োজন পূৰণ কৰিব পাৰিব নে ? প্রশ্ন উত্থাপন হৈছে ।

Exit mobile version