‘টাইপ ২’ মধুমেহৰ পৰিণতিত হ’ব পাৰে ৫৭ গুৰুতৰ ৰোগ : গৱেষণাৰ তথ্য

finger blood test

যিসকল ব্যক্তি ‘টাইপ ২’ ডায়েবেটিছ অৰ্থাৎ মধুমেহ ৰোগত আক্রান্ত হৈছে তেওঁলোকে ৫৭টাকৈ গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে । স্বাস্থ্য গৱেষকে চলোৱা শেহতীয়া এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে ।

দীৰ্ঘদিন ধৰি মধুমেহত আক্ৰান্ত লোকৰ ক্ষেত্ৰত কৰ্কট, বৃক্কৰ ৰোগ, স্নায়ুজনিত ৰোগসহ ৫৭ বিধ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে । ইউ কে বায়’বেংক আৰু জি পি ৰেকৰ্ডৰ যৌথ অধ্যয়নত মধুমেহত আক্ৰান্ত তিনি নিযুত লোকৰ তথ্যপাতি আহৰণ কৰা হৈছিল ।

এইসকল মধুমেহ আক্ৰান্ত‌ই সন্মুখীন হোৱা ১১৬ স্বাস্থ্যজনিত সমস্যাৰ সন্দৰ্ভত অধ্যয়ন চলাই গৱেষকে লাভ কৰা তথ্য অনুসৰি ‘টাইপ ২’ মধুমেহত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত ৫৭টা ৰোগৰ আক্ৰান্ত হোৱাৰ শংকা সৰ্বাধিক থাকে । ‘টাইপ ২’ মধুমেহত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত কৰ্কটত আক্ৰান্ত হোৱাৰ শংকা ন শতাংশ অধিক হয় বুলিও অধ্যয়নটো চলোৱা গৱেষকে জানিবলৈ দিয়ে ।

মধ্য বয়সীয়া মধুমেহ ৰোগীৰ ক্ষেত্ৰত অন্য ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হয় বুলিও তথ্য লাভ কৰা হৈছে । মধ্য বয়সীয়া মধুমেহ ৰোগীৰ ক্ষেত্ৰত বৃক্ক ৰোগৰ সম্ভাৱনা ৫.২ গুণ, যকৃত কৰ্কটৰ সম্ভাৱনা ৪.৪ গুণ আৰু মাংসপেশীৰ ক্ষতিৰ শংকা ৩.২ গুণ অধিক হয় । কেমব্ৰিজ ইউনিভাৰ্ছিটিৰ প্ৰাক্তন গৱেষক ডাঃ লুৱানলুৱান ছুনৰ নেতৃত্বত এই অধ্যয়নটো চলোৱা হৈছিল ।

Exit mobile version