ন দিনত অষ্টমবাৰ বাঢ়িল পেট্রল-ডিজেলৰ দাম, মূল্যবৃদ্ধি সন্দৰ্ভত স্পষ্টিকৰণ দিলে নির্মলা সীতাৰমণে

Smt. Nirmala Sitharaman addressing a press conference on June 28 2021 in New Delhi cropped

ন দিনত আঠবাৰ বাঢ়িল ইন্ধনৰ মূল্য । চলিত বৰ্ষত প্রথম চহৰ হিচাপে মুম্বাইত ডিজেলৰ মূল্যই সেঞ্চুৰি চোলে । একেৰাহে ইন্ধনৰ মূল্য বঢ়াত মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে তৃণমূলৰ সর্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বন্দ্যোপাধ্যায়ে । অৱশ্যে মূল্যবৃদ্ধিৰ বাবে ৰাছিয়া-ইউক্রেইন যুদ্ধকেই দোষাৰোপ কৰিছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে (Nirmala Sitharaman) ।

বুধবাৰে প্রতি লিটাৰত ৮০ পইচাকৈ বাঢ়িল পেট্রল আৰু ডিজেলৰ মূল্য (petrol & diesel prices) । যাৰ ফলত আজি মুম্বাইত এক লিটাৰ পেট্রলৰ দাম ১১৫.৮৮ টকা । ডিজেল ১০০.১০ টকা । দিল্লীত পেট্রল আৰু ডিজেলৰ দাম বাঢ়ি যথাক্রমে ১০১.০১ আৰু ৯২.২৭ টকা হৈছে । অসমত পেট্ৰ’লৰ দাম বৃদ্ধি কৰা ৮৯ প‌ইচা আৰু ডিজেলৰ ৮৫ প‌ইচালৈ । চেন্নাইত প্রতি লিটাৰ পেট্রল আৰু ডিজেল পোৱা গৈছে ১০৬.৬৯ টকা আৰু ৯৬.৭৬ টকাত ।

একেৰাহে মূল্যবৃদ্ধি প্রসংগত মঙলবাৰে সীতাৰমণে কয়, ৰাছিয়া-ইউক্রেইন যুদ্ধৰ প্রভাৱতেই দেশত ইন্ধনৰ দাম বাঢ়িছে । দুই দেশে সংঘর্ষত লিপ্ত হ’লেও বিভিন্ন দেশত তাৰ পৰোক্ষ প্রভাৱ পৰিছে । এই যুদ্ধৰ বাবেই আন্তর্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম বৃদ্ধি পাইছে । বিগত দুসপ্তাহৰ ভিতৰত ব্যাহত হৈছে তেল সৰবৰাহো । ইন্ধনৰ মূল্য নিয়ন্ত্রণত ৰাখিবলৈ চৰকাৰে একাধিক পদক্ষেপ গ্ৰহণ কৰিব বুলিও জনায় সীতাৰমণে ।

Exit mobile version