ফেচবুক-ইনষ্টাগ্রামক প্রত্যাহ্বান জনাব এলন মাস্কে

download 7

বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলা আৰু মহাকাশ সংস্থা স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) এলন মাস্কে অচিৰে নিজাববীয়া এক সামাজিক মাধ্যম মুকলি কৰিব।

টুইটাৰৰ জৰিয়তে এই কথা প্রকাশ কৰি মাস্কে কয় যে তেওঁ টুইটাৰৰ এক বিকল্প সামাজিক মঞ্চ সংযােজন কৰিব বিচাৰে, কিয়নাে মাইক্র’ ব্লগিং ছাইটটোৱে মুক্ত বাক স্বাধীনতাৰ সুবিধা সময়ে সময়ে খর্ব কৰি আহিছে।

যােৱা সপ্তাহত বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তিজনে এক টুইটত কৈছিল যে গণতন্ত্রৰ বাবে মুক্ত বাক স্বাধীনতাৰ অত্যন্ত প্রয়ােজন। মাস্কে এনে এক সামাজিক মঞ্চ প্রস্তুত কৰিব বিচাৰে যি মঞ্চত সকলাে ব্যৱহাৰকাৰীয়ে নিজৰ মতামত মুকলিকৈ ব্যক্ত কৰিব পাৰিব।

ফে’চবুক, টুইটাৰ, ইনষ্টাগ্রামক প্রত্যাহ্বান জনাই মাস্কৰ প্ৰতিষ্ঠানে অচিৰে এই নতুন ছ’চিয়েল এপ মুকলি কৰিব। অৱশ্যে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মাস্কক পৰামর্শ দি কয় যে তেওঁ নতুন ছ’চিয়েল এপ মুকলি কৰাৰ পৰিৱর্তে টুইটাৰৰ দৰে জনপ্রিয় মাইক্র’ ব্লগিং ছাইট ক্রয় কৰা উচিত।

Exit mobile version