Arvind Kejriwal : গণহত্যা হোৱা নাছিল কাশ্মীৰি পণ্ডিতসকলৰ ! কেজৰীৱালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি বিক্ষোভ প্ৰদৰ্শন বিজেপিৰ

kejriwal residence

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রশংসাত মুখৰিত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ সমালোচনা কৰি বিজেপি-ৰ লক্ষ্য হ’ল দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱাল । বুধবাৰে তেওঁৰ দিল্লীৰ বাংলোৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে বিজেপি-ৰ যুৱ সংগঠন ভাৰতীয় জনতা যুৱ মর্চাৰ নেতা-কর্মীসকলে । নেতৃত্বত আছিল বিজেপি সাংসদ তেজস্বী সূর্য । কেজৰীৰ ঘৰৰ গেট আৰু সন্মুখৰ বেৰিকেড ভাঙি দিয়া হৈছে বুলি অভিযোগ ।

আম আদমী পার্টি (আপ)-ৰ নেত্রী আতিশীয়ে কয়, ‘‘উদ্দেশ্যপ্রণোদিতভাৱে কেজৰীৱালৰ গৃহত আক্ৰমণ চলাইছে বিজেপিয়ে । আৰক্ষী ঘটনাস্থলিত উপস্থিত আছিল যদিও কোনো সক্রিয়তা দেখুওৱা নাছিল ।’’

এটা সাক্ষাৎকাৰত পৰিচালক বিবেক অগ্নিহোত্রীৰ বিৰুদ্ধে বিজেপি-ৰ সহায়ত ‘উদ্দেশ্যমূলক ছবি’ বনোৱাৰ অভিযোগ তুলিছিল কেজৰীৱালে । লগতে অভিযোগ তুলিছিল যে, মোদী চৰকাৰে তিনি দশক আগতে উপত্যকাত অশান্তিৰ ফলত ঘৰ ত্যাগ কৰা কাশ্মীৰি পণ্ডিতসকলক পুনর্বাসনৰ বাবে একো কৰা নাছিল ।

‘আপ’ প্রধানৰ অভিযোগৰ উত্তৰ নিদিলেও তেওঁৰ বিৰুদ্ধে কাশ্মীৰি পণ্ডিতৰ অবমাননাৰ অভিযোগত বুধবাৰে পথত নামিছে বিজেপি । ৯০ৰ দশকৰ আৰম্ভণিতে উপত্যকাত কাশ্মীৰি পণ্ডিতসকলৰ বিৰুদ্ধে হিংসাক ‘গণহত্যা’ বুলি ক’ব পাৰি নে নাই, সেই সন্দৰ্ভত প্রশ্ন উত্থাপন কৰিছিল কেজৰীৱালে । বিজেপি-ৰ অভিযোগ, দিল্লীৰ মুখ্যমন্ত্রীয়ে কাশ্মীৰি পণ্ডিতসকলৰ গণহত্যাৰ বিষয়টো অস্বীকাৰ কৰিছে ।

Exit mobile version