RBI : জালিয়াতিৰ বাবে সাত বছৰত দৈনিক এশ কোটিকৈ হেৰুৱাইছে বেংকে

ৰিজাৰ্ভ বেংকৰ উদ্বেগজনক তথ্য

55b07532 23fb 11eb 9a27 abe227de5963 1605426676075 1605426713180 1625672603337

দৈনিক প্ৰতাৰণাৰ বলি হৈ আছে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ । ফলত অদূৰ ভৱিষ্যতে ভয়াৱহ বিপৰ্যয় আহি পৰাৰ আশংকা সৃষ্টি হৈছে । সম্প্ৰতি এনে এক উদ্বেগজনক তথ্য সদৰী কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । নীৰৱ মোদী-মেহুল ছোক্সী প্ৰতাৰণাকাণ্ডত পঞ্জাৱ নেছনেল বেংকৰ ক্ষতিৰ অংকত যোগ হৈছিল প্ৰায় ১৩ হেজাৰ কোটি টকা ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ পৰা প্ৰায় ন হেজাৰ কোটি টকা পাওনা বাকী ৰাখি গোপনে দেশ এৰি পলায়ন কৰিছিল বিজয় মালিয়াই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত এই দুটা বিয়াগোম কেলেংকাৰিয়ে সমগ্ৰ দেশতে তোলপাৰ লগাইছিল । ইয়াক কেন্দ্ৰ কৰি আনকি ৰাজনৈতিক ক্ষেত্ৰখনতো ঢৌ উঠিছিল । তৎসত্ত্বেও যে ৰাষ্ট্ৰীয়কৃত বেংকসমূহে জালিয়াতি বৰ বেছি ৰোধ কৰিব পৰা নাই, সেয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সাম্প্ৰতিক প্ৰতিবেদনতে ওলাই পৰিছে । উক্ত প্ৰতিবেদনৰ পৰিসংখ্যাতে দেখা গৈছে যে বিগত সাত বছৰত দৈনিক কমেও এশ কোটি টকাৰ জালিয়াতিৰ বলি হৈছে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ ।

আৰবিআইৰ তথ্য অনুসৰি, বিগত সাত বছৰত এই বেংক প্ৰতাৰণাৰ অৰ্ধেক ঘটনাই সংঘটিত হৈছে মহাৰাষ্ট্ৰত । পৰৱৰ্তী চাৰিটা স্থানত আছে ক্ৰমে দিল্লী, তেলেংগানা, গুজৰাট আৰু তামিলনাডু । ২০১৫ৰ পহিলা এপ্ৰিলৰ পৰা ২০২১ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ৰাষ্ট্ৰীয়কৃত বেংকসমূহে মুঠ আঢ়ৈ লাখ কোটি টকা প্ৰতাৰণাৰ চিকাৰ হৈছে । ইয়াৰ ৮৩ শতাংশ (টকাৰ অংকত প্ৰায় দুই লাখ কোটি) ঘটনাই ঘটিছে সংশ্লিষ্ট পাঁচ ৰাজ্যত । আৰবিআইৰ প্ৰতিবেদনত কোৱা হৈছে যে এই প্ৰতাৰণাৰ ঘটনাসমূহৰ অধিকাংশৰে কাৰণ হৈছে নিয়ম ভাঙি প্ৰদান কৰা ঋণ ।

ইপিনে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে দাবী কৰিছে যে বিগত দুটা বছৰত সমগ্ৰ দেশতে বেংক জালিয়াতিৰ ঘটনা কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছে । অৱশ্যে ইয়াৰ অন্তৰালত ‘আন কাৰণ’ দেখা পাইছে বেংকিং ব্যৱসায় সংক্ৰান্তীয় বিশেষজ্ঞসকলৰ একাংশ‌ই । তেওঁলোকে মত প্ৰকাশ কৰিছে যে অতিমাৰী পৰিস্থিতিত বিভিন্ন উদ্যোগৰ ব্যৱসায় স্তিমিত হোৱাৰ লগে লগে ঋণ লোৱাৰ হাৰো হ্ৰাস পাইছে । ইয়াৰ উপৰি ক’ভিড সংক্রমণৰ বেংকৰ লেনদেনসহ ব্যৱসায়িক কাম-কাজেও বহুলাংশে নিৰ্দিষ্ট গতি হেৰুৱাইছিল । তেনে অৱস্থাতো ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ পৰা গড়ে দৈনিক এশ কোটি টকাৰ পুঁজি ওলাই যোৱা বিষয়টো ৰোধ কৰিব পৰা নগ’ল । সেয়া ‘উদ্বেগজনক’ বুলিয়ে তেওঁলোকে মত প্ৰকাশ কৰিছে ।

আৰবিআইৰ তৰফৰ পৰা সদৰী কৰা প্ৰতিবেদনত বেংক প্ৰতাৰণাৰ ঘটনাসমূহক মুঠ আঠটা বিভাগত শ্ৰেণীবদ্ধ কৰা হৈছে । সেয়া হ’ল পুঁজিৰ অপব্যৱহাৰ আৰু অপৰাধমূলক বিশ্বাস লংঘন, জাল নথি-পত্ৰৰ মাধ্যমেৰে প্ৰতাৰণা, হিচাপৰ তথ্যত খেলিমেলি বা কাল্পনিক হিচাপৰ মাধ্যমেৰে বেআইনীভাৱে সম্পত্তিৰ ৰূপান্তৰ, নিয়ম ভাঙি ঋণলাভৰ সুবিধা পোৱা, অৱহেলা আৰু নগদৰ অভাৱ, বেংক জালিয়াতি, বিদেশী মুদ্ৰাৰ লেনদেনত অনিয়ম আৰু আন বিভিন্ন ধৰণৰ প্ৰতাৰণা ।

এই সন্দৰ্ভত বেংক ঋণ সংক্ৰান্তীয় এটা কোম্পানীৰ পৰিচালক সঞ্জয় কৌশিকে কয়, ‘বহু ক্ষেত্ৰতে ৰাষ্ট্ৰীয়কৃত বেংকসমূহে কোনো বন্ধকী অবিহনেই বিপুল অংকৰ ঋণৰ আবেদন মঞ্জুৰ কৰিছে । উদ্যোগ আৰু বাণিজ্যিক কোম্পানীসমূহক বন্ধকী অবিহনেই প্ৰদান কৰা সেই বৃহৎ অংকৰ ঋণসমূহ পুনৰুদ্ধাৰ কৰাই সবাতোকৈ অসুবিধাজনক হৈ পৰিছে ।’

উল্লেখ্য যে মোদী চৰকাৰে বেংক প্ৰতাৰণা ৰোধ কৰিবলৈ বাৰে বাৰে দৃষ্টি ৰখাৰ কথা কৈ আহিছে । তৎসত্ত্বেও বিগত সাত বছৰত ইয়াক কিয় নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল বুলিও সম্প্ৰতি প্ৰশ্ন উত্থাপন হৈছে । বিভিন্ন পক্ষই আশংকা কৰিছে যে অনুৎপাদক সম্পদৰ প্ৰকোপত বিপৰ্যস্ত বেংকসমূহত পুঁজিৰ হৰলুকি ৰুদ্ধ কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে ‘গুৰুতৰ বিপৰ্যয়’ আহি পৰিব পাৰে । এই ক্ষেত্ৰত চৰকাৰৰ পৰা পুঁজিৰ যোগান ধৰিও পৰিস্থিতি চম্ভালিব পৰা নাযাব বুলিয়ে বিভিন্ন পক্ষ‌ই আশংকা কৰিছে ।

Exit mobile version