পেট্রলৰ দাম সন্দৰ্ভত প্রশ্ন কৰাত মেজাজ হেৰুৱালে ৰামদেৱে ! ‘নিজৰ পাৰিশ্ৰমিক বঢ়াওক’ পৰামর্শ যোগগুৰুৰ

92e9bc4e b066 11ec 9250 903121267259 1648672425439

কেন্দ্রত ইউপিএ (UPA) চৰকাৰ থকাকালীন পেট্র’পণ্যৰ মূল্যবৃদ্ধিক লৈ আক্রমণাত্মক হৈ আছিল যোগগুৰু ৰামদেৱ । সেই সময়ৰ বিৰোধী দল বিজেপিৰ স’তে পথত নামি মূল্যবৃদ্ধিৰ প্রতিবাদ কৰা দেখা গৈছিল ৰামদেৱক (Ramdev) । কেন্দ্রত পৰিৱৰ্তন হোৱাৰ পাছতেই ৰামদেৱৰ মেজাজ যেন সলনি হৈ গ’ল । পেট্র’পণ্যৰ মূল্যবৃদ্ধিৰ প্রতিবাদ কৰাটো দূৰৰে কথা, তেলৰ দাম বাঢ়াক লৈ প্রশ্ন কৰোতেই খঙত অগ্নিশৰ্মা হৈ উঠে যোগগুৰু । লগতে তেওঁৰ দাম্ভিক পৰামর্শ, “অসুবিধা হ’লে বেছিকৈ কাম কৰক আৰু নিজৰ পাৰিশ্ৰমিক বঢ়াওক ।”

উল্লেখ্য যে, ২০১৪ত কেন্দ্রত বিজেপি ক্ষমতাত অহাৰ আগতে যোগগুৰু ৰামদেৱে এক সাক্ষাৎকাৰত কৈছিল, মোদী চৰকাৰ ক্ষমতাত আহিলে পেট্রলৰ (Petrol) দাম প্রতি লিটাৰত ৪০ টকালৈ নামি আহিব । সেই প্রতিশ্রুতিৰ কি হ’ল ? এজন সাংবাদিকে প্রশ্ন কৰে ৰামদেৱক । সাংবাদিকৰ এই প্রশ্ন শুনি মেজাজ হেৰুৱাই যোগগুৰুৱে । ক্ষুব্ধ কণ্ঠত তেওঁ কয়, “হয় তেতিয়া ম‌ই কৈছিলো দাম কমিব । তাতে কি হ’ল ? মোঅ বাৰে বাৰে এইবোৰ প্রশ্ন নকৰিব । এইবোৰ প্রশ্নৰ উত্তৰ দিয়াৰ ঠিকা লোৱা নাই ম‌ই ।”

ইয়াৰ পাছতে অৱশ্যে কিছু নৰম কণ্ঠত ৰামদেৱে কয়, “চৰকাৰে কৈছে ইন্ধনৰ দাম যদি কম হয়, তেতিয়া তেওঁলোকে কৰ নাপাব । কৰ নাপালে দেশ চলিব কেনেদৰে ? বেতন দিব কেনেকৈ ? পথ তৈয়াৰ কৰিব কেনেদৰে ? হয় ম‌ইয়ো ভাবো মুদ্রাস্ফীতি কমা উচিত । কিন্তু মানুহে লগতে আৰু পৰিশ্রম কৰা উচিত । ম‌ইয়ো পুৱা চাৰি বজাত শুৱাৰ পৰা উঠি নিশা ১০ বজা পর্যন্ত কাম কৰো ।” যোগগুৰুৰ বক্তব্য, ম‌ই যদি সন্ন্যাসী হৈ ১৮ ঘণ্টা কাম কৰিব পাৰো, তেনেহ’লে আপোনালোকে কিয় নোৱাৰিব ?

প্রসংগত, বিগত ১০ দিনত ন বাৰ বৃদ্ধি পালে পেট্রল-ডিজেলৰ (Petrol-Diesel Hike) দাম । কেন্দ্রৰ মোদী চৰকাৰৰ বিৰুদ্ধে এনে মানৱবিরৰোধী পদক্ষেপৰ বিৰোধিতাত একযোগ হৈ সৰৱ বিৰোধী দলসমূহ ।

Exit mobile version