মাৰিয়োপ’লত সাময়িক যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ, চেৰনোবিলৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছে মস্কোৱে !

inkdihco ukraine war afp

যুদ্ধবিধ্বস্ত মাৰিয়োপ’ল চহৰত সাময়িক সংঘর্ষবিৰতি ঘোষণা কৰিলে ৰাছিয়াই (Russia) । যুদ্ধ ক্ষেত্ৰৰ পৰা সাধাৰণ নাগৰিকসকলক উদ্ধাৰৰ বাবে বৃহস্পতিবাৰে সাময়িকভাৱে যুদ্ধ স্তব্ধ কৰা হ’ব বুলি ঘোষণা কৰে ৰুছ প্রতিৰক্ষা মন্ত্রণালয়ে ।

এএফপি সূত্রে, স্থানীয় সময় মতে আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে যুদ্ধবিৰতি । নাগৰিকসকলৰ উদ্ধাৰত মাৰিয়োপ’লৰ পৰা জাপৰজাই চহৰ পর্যন্ত মানৱিক কৰিডৰ তৈয়াৰ কৰা হৈছে । ৰুছ ফৌজৰ নিয়ন্ত্রণত থকা বাৰদিয়ানস্ক বন্দৰ হৈ গৈছে কৰিডৰটো ।

লগতে, ইউক্রেনীয় ফৌজক নাগৰিকসকলক লৈ যোৱা বাছবোৰৰ সুৰক্ষাৰ প্রতিশ্রুতি বিচাৰিছে ৰাছিয়াৰ সেনাবাহিনীয়ে । বিশ্লেষকসকলৰ মতে, যুদ্ধবিৰতি ঘোষণা হ’লেও এতিয়াও যুদ্ধ স্তব্ধ হ’ব নে নাই, সেয়া স্পষ্ট নহয় । উল্লেখ্য ইয়াৰ আগতেও সংঘর্ষবিৰতি ঘোষণাৰ পাছতো সেয়া লংঘনৰ একাধিকবাৰ অভিযোগ উঠিছে ৰাছিয়াৰ বিৰুদ্ধে । লগতে কেৱল ৰাছিয়াৰ সীমান্ত পথেই সংঘর্ষবিৰতিত খোলা ৰখা হৈছে বুলিও অভিযোগ উঠে ।

ইপিনে, চেৰনোবিলৰ পৰা ৰাছিয়াই সেনা প্ৰত্যাহাৰ কৰা নাই বুলি দাবী কৰিছে আমেৰিকাই । যুদ্ধৰ প্রথম দিন অর্থাৎ ২৪ ফেব্রুৱাৰীত চেৰনোবিল পৰমাণু কেন্দ্র দখল কৰে ৰুছ বাহিনীয়ে । ১৯৮৬ৰ ২৬ এপ্রিলত তৎকালীন ছোভিয়েট ইউনিয়নৰ অন্তর্গত ইউক্রেইনৰ চেৰনোবিল চহৰত যি ভয়াবহ পাৰমাণৱিক দুর্ঘটনা ঘটিছিল সেয়া আজিও পাহৰা নাই বিশ্ব‌ই । সাম্প্ৰতিকভাৱে ৩১ জনৰ মৃত্যু হ’লেও বিস্ফোৰণৰ ফলত সৃষ্ট তেজস্ক্রিয়তাৰ কবলত পৰিছিল লক্ষাধিক লোক । নিশাৰ ভিতৰতে এক জনবিহীন ধ্বংসস্তূপত পৰিণত হৈছিল চেৰনোবিল । সেই চেৰনোবিল এইবাৰ ৰাছিয়াৰ দখলত ।

উল্লেখ্য, মঙলবাৰে ইস্তানবুলত বৈঠকত মিলিত হয় ইউক্রেইন (Ukraine) আৰু ৰাছিয়াৰ কূটনীতিকসকল । তাৰ পাছতে কিয়েভত বৃহৎ আকাৰত সেনা তৎপৰতা কমোৱাৰ ঘোষণা কৰে মস্কোৱে । ফলত যুদ্ধবিৰতি হ’ব বুলিয়ে ধাৰণা কৰিছিল অনেকে ।

কিন্তু উদ্বেগ বৃদ্ধি কৰি আমেৰিকাৰ দাবী, ৰাছিয়াৰ সেনা তৎপৰতা কমোৱাৰ দাবী ভুৱা । পৰিৱৰ্তে, নতুনকৈ সেনা মোতায়েন কৰিছে মস্কোৱে । ৰুছ-ইউক্রেইন যুদ্ধক লৈ মঙলবাৰে এটা বিবৃতি দিছে পেন্টাগনৰ প্রেছ ছেক্রেটাৰী জন কিৰবিয়ে । তেওঁৰ দাবী, কিয়েভৰ আশপাশৰ পৰা সেনা প্ৰত্যাহাৰ কৰা নাই ৰাছিয়াই । বৰঞ্চ অৱস্থান পৰিৱৰ্তন কৰি নতুনকৈ সেনা মোতায়েন কৰিছে তেওঁলোকে ।

Exit mobile version