৪০ বছৰ বয়সৰ পূৰ্বে বিশ্বত ৮৭ ব্যক্তি হ’ল অৰ্বুদপতি

Facebook clear history tool

বৰ্তমানৰ বিশ্বত ৪০ বছৰ বা অনূৰ্ধ্ব বয়সৰ ৮৭ জন অৰ্বুদপতিয়ে আছে । এইসকল যুৱ অৰ্বুদপতিয়ে নিজৰ চেষ্টাৰ বলত ধনাঢ্য ব্যক্তি হিচাপে পৰিচিত হৈছে । বিগত এবছৰত বিশ্বত যুৱ অৰ্বুদপতিৰ সংখ্যা আঠজন বৃদ্ধি পালে আৰু পাঁচ বছৰত যুৱ অৰ্বুদপতিৰ সংখ্যা বিশ্বজুৰি দুগুণ বৃদ্ধি পালে ।

হুৰুন আৰু হাইউইন ৱেল্‌থৰ দ্বাৰা চলোৱা শেহতীয়া এক সমীক্ষাৰ তথ্য অনুসৰি সাম্প্ৰতিক বিশ্বৰ ৮৭ জন অৰ্বুদপতিৰ বয়স হৈছে ৪০ বা অনূৰ্ধ্ব বছৰৰ । নিজাববীয়া প্ৰচেষ্টাৰে অৰ্বুদপতি স্বীকৃত হোৱা ৪০ বছৰ বা ইয়াৰ অনূৰ্ধ্ব বয়সৰ লোকৰ মাজত আছে সৰ্বাধিক ৩৭ জন মাৰ্কিন অৰ্বুদপতি ।

আনহাতে, চীনত আছে বিশ্বৰ দ্বিতীয় সৰ্বাধিক সংখ্যক যুৱ অৰ্বুদপতি । তালিকাখনত উল্লেখ কৰা মতে, চীনৰ ২৫ জন যুৱ অৰ্বুদপতিৰ বয়স হৈছে ৪০ বা ইয়াৰ অনূৰ্ধ্ব বছৰৰ । আনহাতে, ব্ৰিটেইনত আছে ৪০ বা ইয়াৰ অনূৰ্ধ্ব বয়সৰ আঠজন অৰ্বুদপতি ।

এবছৰত আমেৰিকাত ছজন আৰু ব্ৰিটেইনত পাঁচজন যুৱ অৰ্বুদপতি বৃদ্ধি পালে । ইয়াৰ বিপৰীতে চীনত বিগত এবছৰত পাঁচজন যুৱ অৰ্বুদপতিৰ সংখ্যা হ্ৰাস পালে । ভাৰতত সম্প্ৰতি ৪০ বছৰ বা অনূৰ্ধ্ব বয়সৰ ছজন অৰ্বুদপতি আছে আৰু এই তালিকাত ভাৰতৰ স্থান হৈছে চতুৰ্থ । বিগত এবছৰত ভাৰতত দুজন যুৱ অৰ্বুদপতি বৃদ্ধি পালে ।

বিগত এবছৰ ১.৯০ লাখ কোটি টকাৰ সম্পত্তি হেৰুওৱাৰ পাছত ফেচবুকৰ প্ৰতিষ্ঠাপক ৩৭ বছৰীয়া মাৰ্ক জুকাৰবাৰ্গে এই তালিকাত ৫.৮০ লাখ কোটি টকাৰ সম্পত্তিৰে শীৰ্ষ স্থানত আছে ।

আনহাতে, টিকটকৰ প্ৰতিষ্ঠাপক ৩৯ বছৰীয়া জাংগ য়িমিংগে ৪.১২ লাখ কোটি টকা সম্পত্তিৰে তালিকাত দ্বিতীয় স্থানত আছে ।

Exit mobile version